/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/pandu.jpg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে পাণ্ডু মহাবিদ্যালয় বিজ্ঞান চ'ৰাৰ সৌজন্যত নাট্যকাৰ তথা পাণ্ডু মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক মণ্টু মহন্তৰ ৰচনা আৰু ড০ ঋতুপৰ্ণা বৰা, ড০ ৰিজু কাকতি শৰ্মাৰ লগতে হীৰকজ্যোতি ডাউকাৰ পৰিচালনাত 'কালকূট' নামৰ বাটৰ নাট এখন মহাবিদ্যালয়ৰ প্ৰৱেশ পথত আৰু পাণ্ডু বৰবজাৰৰ সমীপত একোটাকৈ প্ৰদৰ্শনী অনুষ্ঠিত হয়।
বাটৰ নাটখনৰ অভিনয়ত পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী পাৰ্থ, অজয়, ইজাজ, চিৰঞ্জীৱ, ৰিপজ্যোতি, মেহফুজ, অৰ্কিতা, তৰালী, নিকিতা, কানুপ্ৰিয়া, দ্বীপজ্যোতিয়ে অংশগ্ৰহণ কৰে। এই নাটখনৰ জৰিয়তে সমাজত ইতিমধ্যে শিপাই যোৱা বৰবিহ সদৃশ ড্ৰাগচৰ অপকাৰিতা আৰু ইয়াৰ প্ৰভাৱত পৰি এচাম তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ-ছাত্ৰীৰ শেষ পৰিণতি উদঙাই দেখুওৱা হৈছে।
উল্লেখযোগ্য যে, উপস্থিত দৰ্শকৰ হাতত পৰাকৈ পাণ্ডু মহাবিদ্যালয়ৰ বিজ্ঞান চৰাই এখনি সজাগতামূলক ছপা পত্ৰও বিলোৱাৰ ব্যৱস্থা কৰে। সমস্ত কাৰ্যসূচীত পাণ্ডু মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগেশ কাকতি তথা চ'ৰাৰ সম্পাদক ড০ সঞ্চয়জ্যোতি বৰাকে ধৰি বিজ্ঞান শাখাৰ সমূহ শিক্ষকে আন্তৰিকতাৰে সমৰ্থন আৰু সহযোগিতা কৰি বাটৰ নাটখন সফল ভাৱে ৰূপায়ণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us