নলবাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদ্‌যাপন

নলবাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদ্‌যাপন

author-image
asomiyapratidin
New Update
নলবাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদ্‌যাপন

ডিজিটেল সংবাদ, নলবাৰীঃ মহান বিজ্ঞানী চি ভি ৰমণৰ জন্ম দিন তথা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে নলবাৰী জিলাৰ অন্তৰ্গত বালিতাৰাৰ দিব্য বন্তি হাইস্কুলত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ 'গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি, ২০১৯'ৰ নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ ২৯ জন ছাত্ৰ-ছাত্ৰীৰ সহযোগত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

এই অনুষ্ঠানত বিদ্যালয়খনৰ কেইবাগৰাকীও শিক্ষকে ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ তাৎপৰ্য ব্যাখা কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ, ৰচনা আৰু চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। পুৰস্কৃত কৰা হয় এই প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক।