ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ভাৰত চৰকাৰৰ পৰা বিচাৰিছে প্ৰতিবেদন…

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ভাৰত চৰকাৰৰ পৰা বিচাৰিছে প্ৰতিবেদন…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল ডেস্ক: মানৱ অধিকাৰ কৰ্মী মনজিত সিংহৰ আবেদনৰ ভিত্তিত শুনানি গ্ৰহণ কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৯ এপ্ৰিলত ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা প্ৰতিবেদন বিচাৰিছে।

Advertisment

ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ে বহু দিনৰ পৰা কাৰাটে নেচনেল স্পৰ্টছ ফেডাৰেচন (National Sports Fedaration) আইন অনুসৰি স্বীকৃতি দিয়াত ব্যৰ্থ হৈছে। যাৰ ফলস্বৰূপে ভাৰতত কাৰাটে খেলুৱৈ সকল বৃহৎ ক্ষতিৰ সন্মুখীন হৈ আহিছে আৰু বিভিন্ন চৰকাৰী সা- সুবিধাৰ পৰা তেওঁলোকক বঞ্চিত হৈ আহিছে। ই এক মানৱ অধিকাৰ উলংঘন বুলি মানৱ অধিকাৰ গৰাকীয়ে অভিযোগ উত্থাপন কৰিছে।

ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়াৰ মন্ত্ৰালয়ে কাৰাটে নেচনেল স্পৰ্টছ ফেডাৰেচন (National Sports Fedaration) স্বীকৃতি নিদিয়াৰ বাবে ভাৰতৰ বহু কাৰাটে খেলুৱৈ বিভিন্ন আন্তৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহন কৰিব পৰা নাই বুলি আয়োগৰ দৃষ্টিগোচৰ কৰে।

মানৱ অধিকাৰ কৰ্মী মনোজিৎ সিঙে দাখিল কৰা অভিযোগৰ ভিত্তিত ভাৰতৰ শীৰ্ষ মানৱ অধিকাৰ সংস্থাটোৱে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সচিবলৈ পত্ৰ লিখি মন্ত্ৰালয়ৰ নিষ্ক্ৰিয়তাৰ অভিযোগ সন্দৰ্ভত চাৰি সপ্তাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন বিচাৰিছে।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশ অনুসৰি বিষয়টোত উপযুক্ত ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰা হৈছে।

আৰু পঢ়ক: ওদালগুৰিত হৰিণাৰ পোৱালী উদ্ধাৰ…

assam National Human Rights Commission of India