লক্ষ্য স্বৰ্ণঃ নেচনেল গেমছ-২০২৫ত আজি ফাইনেল খেলিব চাৰি অসমৰ বক্সাৰে...

অসমৰ বাবে আজি এক ঐতিহাসিক দিন। ৰাষ্ট্ৰীয় ক্ৰীড়াত অভিলেখ সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে আজি ফাইনেল খেলত নামিব ৪গৰাকীকৈ অসমৰ বক্সাৰ। স্বৰ্ণ পদক নিশ্চিত কৰিবলৈ  উত্তৰাখণ্ডত অনুষ্ঠিত হৈ থকা ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ফাইনেলত নামিব এই ৪গৰাকী বক্সাৰ। 

author-image
Asomiya Pratidin
New Update
নেচনেল গেমছ

নেচনেল গেমছ Photograph: (নেচনেল গেমছ)

ডিজিটেল ডেস্কঃ অসমৰ বাবে আজি এক ঐতিহাসিক দিন। ৰাষ্ট্ৰীয় ক্ৰীড়াত অভিলেখ সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে আজি ফাইনেল খেলত নামিব ৪গৰাকীকৈ অসমৰ বক্সাৰ। স্বৰ্ণ পদক নিশ্চিত কৰিবলৈ  উত্তৰাখণ্ডত অনুষ্ঠিত হৈ থকা ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ফাইনেলত নামিব এই ৪গৰাকী বক্সাৰ। 

Advertisment

শুকুৰবাৰে ফাইনেল খেলিব লগা অসমৰ বক্সাৰসকল হৈছে, লাভলীনা বৰগোহাঁই, অংকুশিতা বড়ো, শিৱ থাপা আৰু অভিনৱ শইকীয়া। উল্লেখ্য যে, যোৱা  বৃহস্পতিবাৰে হোৱা বক্সিঙৰ ছেমি ফাইনেলত অসমৰ দুই অলিম্পিয়ান লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাৰ লগতে জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়ো আৰু অভিনৱ শইকীয়াই নিজৰ নিজৰ ওজন শাখাৰ খেলত জয়লাভ কৰি স্বৰ্ণজয়ৰ দিশে অগ্ৰসৰ হৈছিল।

আনহাতে, মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাত খেলা আইকন মিলি ছেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ অৰ্জন কৰে৷ ২০২২ৰ গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণ লাভ কৰি প্ৰথমবাৰৰ বাবে ৭৫ কিলোগ্ৰাম শাখাত খেলিবলৈ লোৱা অলিম্পিক পদকজয়ী লাভলীনাই ছেমি ফাইনেলত নাগালেণ্ডৰ মহিলা বক্সাৰ ৰেণুক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি লক্ষ্যপ্ৰাপ্তিৰ অন্তিম যুঁজখনলৈ অগ্ৰসৰ হৈছে। 

অসম