ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত সোমবাৰে অসম প্ৰাদেশিক নাথ যোগী সন্মিলনীৰ শতবৰ্ষ আৰু জিলা যোগী সন্মিলনীৰ সোণালী জয়ন্তী উদযাপন উপলক্ষে এক সাধাৰণ সভা অনুষ্ঠিত হয়। জিলা নাথ যোগী সন্মিলনীৰ সভাপতি ভূৱন নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সাধাৰণ সভাতে শতবৰ্ষ আৰু সোণালী জয়ন্তী উদযাপন কৰিবলৈ এক শক্তিশালী সমিতি গঠন কৰা হয়। ভূমিধৰ নাথক সভাপতি আৰু সনজিৎ কুমাৰ নাথক সম্পাদক হিচাপে লৈ ৭১ জনীয়া উদযাপন সমিতি গঠন কৰা হয়।
সমিতি গঠনৰ অন্তত অনুষ্ঠিত হোৱা মুকলি সভাত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ কাৰ্যকাৰী সভাপতি ভূমিধৰ নাথে নিজ ভাষণ প্ৰসংগত নাথ যোগীৰ ইতিহাস দাঙি ধৰি অসমৰ প্ৰাচীনতম জনগোষ্ঠী হিচাপে পৰিচিত নাথ যোগী লোকসকলক চৰকাৰী পক্ষই এতিয়াও অবহেলা-অবজ্ঞাৰ দৃষ্টিৰে চায় বুলি মন্তব্য কৰে। শতবৰ্ষীয় আৰু সোণালী জয়ন্তী উদযাপন অতি ধুমধামেৰে অহা ডিচেম্বৰ মাহত অনুষ্ঠিত কৰা হ'ব বুলি সদৰি কৰে।
আনহাতে শতবৰ্ষীয় আৰু সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক সনজিৎ কুমাৰ নাথে শতবৰ্ষীয় আৰু সোণালী জয়ন্তী উদযাপনৰ সময়ছোৱাত সকলোৰে সহযোগিতা কামনা কৰিছে। উক্ত সভাত বিটিএডি নাথ যোগী সন্মিলনীৰ সভাপতি প্ৰকাশানন্দ নাথ, কোকৰাঝাৰ জিলা যোগী জাতীয় পৰিষদৰ সভাপতি অজিত নাথ, কোকৰাঝাৰ জিলা নাথ যোগী সাহিত্য পৰিষদৰ সম্পাদক বেণুধৰ নাথ, অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সহঃ সম্পাদক চিৰাজ নাথ আদিকে ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।