/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/458b8dd3-20f8-42ae-8ac8-9b7d661653df.jpg)
ডিজিটেল সংবাদ, শালমাৰাঃ যি সময়ত নিবনুৱা সমস্যাই অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে গা কৰি উঠিছে, সেই সময়তে বৰপেটা জিলাৰ কাটাঝাৰৰ আদৰ্শ কৃষক ছাহাদত হুছেইনৰ পুত্ৰ ৰিংকুৱে দেখুৱাইছে এক আদৰ্শৰ পথ ৷ চাকৰিৰ সন্ধানত হাবাথুৰি খাইও সুফল নোপোৱাত নাৰ্চাৰী ব্যৱসায়ত মনোনিৱেশ কৰি স্বাৱলম্বিতাৰ পথ বাছি লৈছে শিক্ষিত যুৱক ৰিংকুৱে ৷ ২০০২ চনত এবিঘা মাটিত 'বৰপেটা নাৰ্চাৰী' নামেৰে এখন নাৰ্চাৰী স্থাপন কৰি বৰ্তমান ১৪ বিঘা মাটিলৈ এই নাৰ্চাৰীখন প্ৰসাৰ কৰিবলৈ সক্ষম হোৱা ৰিংকুৱে আন দহটা পৰিয়ালক তেওঁৰ নাৰ্চাৰীত সংস্থাপন দিবলৈ সক্ষম হৈছে ৷
কিয়নো বৰ্তমান কমেও দহগৰাকী শ্ৰমিকে নিয়মিতভাৱে তেওঁৰ নাৰ্চাৰীত কাম কৰি আহিছে ৷ প্ৰায় ছমাহ পূৰ্বে হাউলীৰ মৌটুপুৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বৰপেটা নাৰ্চাৰীৰ বিক্ৰীকেন্দ্ৰ এটাও খুলিছে ৰিংকুৱে ৷ ৰিংকুৱে সংবাদ মাধ্যমৰ জৰিয়তে শিক্ষিত যুৱক যুৱতী সকলক চাকৰিত বিফল হৈ হতাশাত ভোগাৰ বিপৰীতে হাতে কামে এনেবোৰ কামৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ আহ্বান জনায়৷ লগতে তেওঁ কৰ্ম সংস্থাপনৰ বাবে যুৱক যুৱতীসকলে বহিৰাজ্যলৈ যোৱাৰ পৰিবৰ্তে নিজ অঞ্চলতে সেউজ বিপ্লৱৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে বুলিও মতপোষণ কৰে ৷
উল্লেখ্য যে বৰপেটা নাৰ্চাৰীত ফুল,ফল-মূল,ঔষধি ইত্যাদিকে ধৰি প্ৰায় ১৫০০ বিধতকৈও অধিক প্ৰজাতিৰ গছপুলি আছে বুলি ৰিংকুৱে জানিবলৈ দিয়ে ৷ বৰ্তমান ৰিংকু কাটাঝাৰ অঞ্চলটোৰ লগতে সমগ্ৰ ৰাজ্যতে সেউজ বিপ্লৱৰ জৰিয়তে আদৰ্শ হৈ পৰিছে৷