নাৰায়ণপুৰত টাউন হ’লৰ আধাৰশিলা স্থাপন…

নাৰায়ণপুৰত টাউন হ’লৰ আধাৰশিলা স্থাপন…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰত শুক্ৰবাৰে এটা টাউন হল ৰ আধাৰশিলা স্থাপন কৰে তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসে ৷ পঞ্চম বিত্তীয় আয়োগৰ আঁচনিৰ অধীনত ৬ কোটি ৩১ লাখ টকাৰে নিৰ্মান হ'বলগীয়া প্ৰয়োজনীয় সকলো সা-সুবিধা সম্পন্ন অত্যাধুনিক টাউন হলটো নিৰ্মাণ সম্পূৰ্ণ হলে বৃহত্তৰ নাৰায়ণপুৰ অঞ্চলৰ দীৰ্ঘদিনীয়া এক অভাৱ দুৰ হব বুলি আশা কৰিব পাৰি।

টাউন হলটোৰ আধাৰশিলা স্থাপন অনুস্থানত বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকা,সমাজকৰ্মী অচ্যুত শইকীয়া,বিজেপিৰ ৰাজ্যিক জনজাতি মৰ্চাৰ সভাপতি হৰেন দেউৰী,ৰাজ্যিক কৃষান মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰা,নাৰায়ণপুৰ ৰাজহচক্ৰৰ চক্ৰ বিষয়া জাহ্নবী সোনোৱাল ,নাৰায়ণপুৰ নগৰ সমিতিৰ প্ৰাক্তন সভাপতি হৰিশ চন্দকৰ লগতে নাৰায়ণপুৰ অঞ্চলৰ বহুসংখ্যক লোক উপস্থিত থাকে ৷ উল্লেখ্য যে নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত থকা ঐতিহ্যমণ্ডিত বাণীসংঘৰ নিজা ভূমি নিৰ্মাণ হ'ব লগা টাউন হলটোৰ প্ৰয়োজনীয় অতিৰিক্ত ভূমি নাৰায়ণপুৰৰ স্থানীয় ব্যক্তি ক্ষীৰোদ বৰুৱাই দানসূত্ৰে আগবঢ়োৱাৰ কথা উক্ত অনুষ্ঠানতে ঘোষণা কৰে৷

ইফালে বৰ্তমানলৈকে গড়কাপ্তানি বিভাগে প্ৰদান কৰা নাই নতুনকৈ নিৰ্মাণ হ'ব লগা টাউন হলটোৰ সম্পূৰ্ণ নক্সা । আধাৰশিলা স্থাপনৰ পিছটো গড়কাপ্তানি বিভাগে হলটোৰ নক্সা ৰাজহুৱা নকৰাত নাৰায়ণপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । নক্সা অবিহনে স্থাপন কৰা এই আধাৰশিলাক সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক ৰাজনৈতিক তৎপৰতা বুলি অভিহিত কৰিছে একাংশ ৰাইজে ।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in