/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/narayanpur.jpg)
ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান ৰঙাজান উজীৰৰ টোল সংযোগী পথত নিৰ্মাণৰত অৱস্থাত থকা তোৰণখন দেওবাৰে নিশা কোনো দুৰ্বৃত্তই ভাঙি ধ্বংস কৰা কাৰ্যই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে স্থানীয় মধুপুৰৰ গোপাল হাজৰিকা নামৰ লোকজনৰ পৰিয়াল বৰ্গই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভোগপুৰ চাৰিআলিৰ পৰা ৰঙাজান উজীৰৰ টোল সংযোগী পথৰ লেটেকুপুখুৰীৰ সমীপত নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিছিল এখন আদৰণি টোৰণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/09982ccd-7c76-4f2a-952e-0685e2da9bbb-768x1024.jpg)
ইতিমধ্যে তোৰণখনৰ নিৰ্মাণ কাৰ্যৰ প্ৰায় ৪০ শতাংশ কাম সম্পূৰ্ণ হৈছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে, দেওবাৰে নিশা কোনো দুৰ্বৃত্তই নিৰ্মীয়মান অৱস্থাত থকা পকী তোৰণখন ভাঙি ধ্বংস কৰে। ইতিমধ্যে উজীৰৰ টোল পৰিচালনা সমিতিয়ে ঘটনা সন্দৰ্ভত বিহপুৰীয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/4452a8be-aa75-4a48-b9f2-060f4ca7ef2f-768x1024.jpg)
উক্ত এজাহাৰৰ ভিত্তিত বিহপুৰীয়া আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰিছে। আনহাতে দুস্কৃতিকাৰীৰ এনে গৰ্হিত কাৰ্যত সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উজীৰৰ টোল পৰিচালনা সমিতিৰ লগতে অঞ্চলবাসী ৰাইজে ধৰ্মীয় অনুভূতিত আঘাত কৰা সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি শীঘ্ৰে দোষিক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/4066031f-d8f3-49cb-b2e7-b46d167c9e6c-768x1024.jpg)