নাৰায়ণপুৰৰ ভোগপুৰ-দোৰপাং সংযোগী পথৰ বিধ্বস্ত ৰূপ : আন্দোলনৰ হুংকাৰ …

নাৰায়ণপুৰৰ ভোগপুৰ-দোৰপাং সংযোগী পথৰ বিধ্বস্ত ৰূপ : আন্দোলনৰ হুংকাৰ …

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এটা বিদ্ধস্ত পথ । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভোগপুৰ চাৰিআলিৰ পৰা অসম-অৰুণাচল সীমান্তৱৰ্ত্তী দোৰপাং সংযোগী লোক নিৰ্মাণ বিভাগৰ পথটো বিগত বছৰ বছৰ ধৰি বিদ্ধস্ত হৈ থকাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত জমৰ যাতনা ভুগি আহিছে ।

বাৰিষাটো বাদেই খৰালিৰ এজাক বৰষুণতে ঠায়ে ঠায়ে একাঁঠু পৰ্যন্ত পানী জমা হয় পথটিত । ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ পথচাৰীলৈকে সকলোৱে যাতায়তৰ ক্ষেত্ৰত চৰম সমস্যাৰ সন্মুখীন হৈ আহিব লগা হৈছে । চৰকাৰ আহে আৰু যায় কিন্তু কোনো এখন চৰকাৰৰ দৃষ্টিত নপৰে এই গুৰুত্বপূৰ্ণ পথটো ।

অঞ্চলটোৰ কুৰি খনৰো অধিক গাঁৱৰ ৰাইজৰ এইটোৱেই হ'ল যাতায়তৰ একমাত্ৰ মুল পথ । নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰতিগৰাকী জনপ্ৰতিনিধিয়েই পথটিৰ উন্নতিৰ কথা কয় যদিও নিৰ্বাচন গ'লেই সকলো পাহৰি যায় ।

অঞ্চলটোৰ ৰাইজৰ লগতে স্থানীয় পিছলা আঞ্চলিক ছাত্ৰ সন্থাৰ দাবী সদা ব্যস্ত তথা অতি গুৰুত্ত্বপূৰ্ণ এই বিদ্ধস্ত পথটো শীঘ্ৰে যাতায়তৰ বাবে সুচল কৰি তোলক । অন্যথা পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত আন্দোলনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে আছুৱে ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in