নাৰায়ণপুৰত সংবাদকৰ্মীক সম্বৰ্ধনা…

নাৰায়ণপুৰত সংবাদকৰ্মীক সম্বৰ্ধনা…

author-image
asomiyapratidin
New Update
নাৰায়ণপুৰত সংবাদকৰ্মীক সম্বৰ্ধনা…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ সময়চোৱাত দিনে-নিশাই কৰ্তব্যত নিয়োজিত নাৰায়ণপুৰৰ সংবাদকৰ্মীসকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে শনিবাৰে নাৰায়ণপুৰ গেছ এজেঞ্চীৰ স্বত্বাধিকাৰী বিপুল নাৰায়ণ ভূঞাই ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে মাস্ক আৰু ছেনিটাইজাৰ প্ৰদান কৰে ।

Advertisment

উক্ত কাৰ্যসূচীত অসম পৰ্যটন বিভাগৰ লগত জড়িত প্ৰাঞ্জল বৰা আৰু যাদব গোস্বামীয়েও সহযোগ কৰে । উল্লেখ্য যে, ইতিমধ্যে তেওঁলোকে বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত আৰক্ষীৰ লোক সকলকো অনুৰূপ ধৰণেৰে সম্বৰ্ধনা জনাই ।