/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/hagrama-mpohilary-yryryr-for-web-AP-full-no-ad-2-copy.jpg)
ডিজিটেল সংবাদ, নাৰায়ণপুৰ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বৃহস্পতিবাৰে অন্তিমটো দিনত ৰাজ্যৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ বিহপুৰীয়া সমষ্টিতো প্ৰতি গৰাকী প্ৰাৰ্থীয়েই ব্যাপক ৰূপত চলালে নিৰ্বাচনী প্ৰচাৰ। অন্যান্য প্ৰাৰ্থী সকলৰ লগতে বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰত কংগ্ৰেছ নেতৃত্বাধীন মহাজোটে আয়োজন কৰিলে বিশাল নিৰ্বাচন মহাসভা ৷
প্ৰায় ৫০ হাজাৰ লোকৰ উপস্থিতিত আয়োজন কৰা সমাৱেশখনৰ জৰিয়তে একপ্ৰকাৰ চমক দেখুৱালে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাই। নাৰায়ণপুৰৰ মাধৱপুৰস্থিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা নিৰ্বাচনী সভাখন জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষুৰ গীতৰ অনুষ্ঠানেৰে শুভাৰম্ভ কৰা হয়৷
প্ৰাৰ্থী ভূপেন কুমাৰ বৰাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত উপস্থিত থাকি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী, সাংসদ প্ৰদ্যুত বৰদলৈ, অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবাম টুকী, অসম কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই ভাষণ প্ৰদান কৰে৷ প্ৰথম পৰ্যায়ৰ ৪৭ টা সমষ্টিৰ ভিতৰত ২০খনতকৈ অধিক আসনত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব বুলি ভাষণ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে দাবী কৰাৰ লগতে অহা ২ মে'ত ৰাজ্যিক বিজেপিৰ শ্ৰাদ্ধ পাতিব সজোৰে ঘোষণা কৰে ৷
আনহাতে, বিগত সময়ত বিজেপিৰ লগত থাকি মহা ভুল কৰা বুলি কৈ হিমন্ত বিশ্ব শৰ্মাৰ লগত ভৱিষ্যতে কেতিয়াও নাথাকো বুলি উল্লেখ কৰে৷ মহাজোঁটৰ চৰকাৰত ভূপেন কুমাৰ বৰাক কেবিনেট মন্ত্ৰী প্ৰদান কৰিম বুলিও ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে৷ ইফালে, মহাসভাখনত ভাষণ প্ৰদান কৰি সাংসদ প্ৰদ্যুত বৰদলৈয়ে বিজেপিক থাইলেণ্ড মাগুৰ আখ্যা দিয়ে৷ যিয়েই এদিন অসমীয়াত্বক ধ্বংস কৰিব বুলি বৰদলৈয়ে উল্লেখ কৰে৷ আৰু এনেদৰেই বৃহস্পতিবাৰে সামৰণি পৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ ।