/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/pani-jui.jpg)
ডিজিটেল সংবাদ শিমলুগুৰিঃ অস্বাভাৱিক ! পানীত লাগিছে জুই ৷ এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰঙতিত ৷ জানিব পৰা মতে, ৰঙতিৰ ৰূপম বুঢ়াগোহাঁইৰ ঘৰত পানী মটৰৰ বাবে এটা ৫০ ফুট গভীৰ পাইপ খান্দোতেই পাইপৰ ভিতৰত গেছৰ দৰে বাষ্প নিগৰি দপ দপ কৈ জ্বলি উঠে এই জুইকুৰা । পানীত জুই জ্বলা এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে এক আতংকময় পৰিবেশে বিৰাজ কৰিছে । স্থানীয় ৰাইজে বাঘজানৰ দৰে পৰিৱেশ নোহোৱাৰ আগতেই এই জুই নিৰ্বাপনৰ বাবে প্ৰশাসনক ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us