/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/dangor-khobr-1.jpg)
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ কঠোৰ হুংকাৰৰ পাছতো যেন ভয় কৰা নাই একাংশ দালালে। চৰকাৰৰ দুৰ্নীতি বিৰোধী স্থিতিৰ বিপৰীতে মুকলিকৈ উৎকোচৰ বজাৰ মেলিছে এচাম চৰকাৰী বিষয়াই। ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ভূমাফিয়া আৰু মাটি দালাল চক্ৰৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক অভিযান চলোৱাৰ মাজতেই বুধবাৰে নাওবৈচাত সংঘটিত হ'ল আন এক ঘটনা।
নাওবৈচাৰ ৰাজহ চক্ৰৰ চৰকাৰী মণ্ডল থানেশ্বৰ বৰাই দীৰ্ঘদিন ধৰি কাৰ্যালয়টোত একাংশ দালালেৰে মিলি দুৰ্নীতিৰ বেহা মেলিছিল। বুধবাৰে এজন ব্যক্তিৰ পৰা উৎকোচ গ্ৰহণ কৰা সময়ত নাওবৈচা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত চৰকাৰী মণ্ডল থানেশ্বৰ বৰাক হাতে-লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
মণ্ডল গৰাকীয়ে উৎকোচ গ্ৰহণ কৰা দৃশ্যও বন্দী কৰা হয়। এই ঘটনাৰে জড়িত থকা অভিযোগত এজন চৰকাৰী গাওঁবুঢ়াকো গ্ৰেপ্তাৰ কৰা হৈছে। চৰকাৰী গাওঁবুঢ়া জনৰ নাম ছয়দুল ইছলাম। উল্লেখযোগ্য যে, এই গাওঁবুঢ়া গৰাকীয়ে ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয়টোত দীৰ্ঘদিন ধৰি দালাল ৰূপে সক্ৰিয় হৈ আছিল।