
ডিজিটেল সংবাদ, ঢকুৱাখনা: ধেমাজি জিলাৰ মৰিধল অঞ্চলৰ নৰখাদক, মৰিধল মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ বিয়েৰাৰ ৰিন্টু শৰ্মাই পৈশাসিক আক্ৰমণ চলাই ঘপিয়াই ঘপিয়াই হত্যা কৰা ঢকুৱাখনাৰ সম্ভাৱনাময়ী মেধাবী ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাণ্ডই শেষ হত্যাকাণ্ড হওক। মানৱতাক ভূলুণ্ঠিত কৰি শীতল মস্তিস্কৰে পূৰ্ব পৰিকল্পিত ভাবে সংঘটিত কৰা এই বৰ্বৰ আক্ৰমণৰ অভিযুক্ত ৰিন্টু শৰ্মাক মৃত্যুদণ্ডৰে দণ্ডিত কৰি ভৱিষ্যতলৈ যাতে আৰু কোনো নন্দিতাই এনে অসুৰ প্ৰকৃতিৰ ঘাটকৰ নিৰ্মমতাৰ বলি হ'বলগীয়া নহয় তাৰ বাবে এনে দৃষ্টান্তমূলক শাস্তি বিহাতো মানৱ সভ্যতাৰ বাবেই কাম্য। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মুকুট ডেকাই নিষ্ঠুৰ ঘাটকৰ বলি হোৱা নন্দিতা শইকীয়াৰ ঢকুৱাখনা নগৰস্থিত বাসগৃহত উপস্থিত হৈ এই মন্তব্য কৰে।
দুৰ্ভগীয়া পিতৃ নবীন শইকীয়া ,মাতৃ জোনালী শইকীয়া সহ অন্যান্য ইষ্ট কুটুম্বৰ উপস্থিতিত প্ৰথমে নন্দিতাৰ প্ৰতিচ্ছবিত ধূপ বন্তি জ্বলাই মৌন প্ৰাৰ্থনা জনায়। কেন্দ্ৰীয় নেতা ডেকাই চৰকাৰে ঘোষণা কৰা ফাষ্ট ট্ৰেক আদালতৰ ঘোষণা যাতে নীল অভি গোচৰৰ দৰে ঘোষণাতে আবদ্ধ হৈ অৱহেলিত আৰু উপেক্ষিত নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। ডেকাই নন্দিতাৰ গোচৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই নিজৰ তত্বাৱধানত পৰিচালনা কৰি এগৰাকী পৃথক ভাৰতীয় আৰক্ষী সেৱাৰ সুদক্ষ আৰক্ষী অধীক্ষক পৰ্য্যায়ৰ বিষয়াক তদন্তকাৰী বিষয়া হিচাবে নিযুক্তি দিয়াৰ দাবী জনায় । ডেকাই সমগ্ৰ গোচৰটো নিখুঁত ক্ষীপ্ৰ আৰু নিৰপেক্ষ হোৱাৰ স্বাৰ্থত গোচৰিয়া পক্ষৰ হৈ আইনী সাহায্য অগবঢ়াবলৈ উচ্চ ন্যায়ালয়ৰ এজন জ্যেষ্ঠ, অভিজ্ঞ সুদক্ষ চৰকাৰী অধিবক্তাক বিশেষ চৰকাৰী অধিবক্তা হিচাবে নিযুক্তিৰ বাবে চৰকাৰক আহ্বান জনায়।
লগতে ফাষ্ট ট্ৰেক আদালতত প্ৰতিদিনে সাক্ষ্য গ্ৰহণ কৰি ৩ মাহৰ ভিতৰত দোষীক দৃষ্টান্ত মূলক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ এগৰাকী অভিজ্ঞতা পুষ্ট , জ্যেষ্ঠ , ন্যায়াধীশক এই আদালতৰ বিশেষ ন্যায়াধীশ হিচাবে নিযুক্তি দিবলৈ দাবী জনায় চৰকাৰক। ডেকাই নন্দিতাৰ দুৰ্ভগীয়া পৰিয়ালৰ এগৰাকী যোগ্য অৰ্হতা সম্পন্ন ব্যক্তিক মহাবিদ্যালয়খনৰ যিকোনো পদত নিযুক্তিৰো দাবী জনাই ডেকাই ৰাজ্য চৰকাৰৰ ফালৰ পৰা দুৰ্ভগীয়া পৰিয়ালতোলৈ ৫০ লাখ টকাৰ এককালীন সাহায্য আগবঢ়াবলৈ আহ্বান জনায় ।সাহিত্য সংস্কৃতি , শিক্ষা কলা সকলোতে পাৰ্গত এগৰাকী সমুজ্জ্বল প্ৰতিভাধৰৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ স্বৰ্গ সুখ কামনা কৰি কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, সাংগঠনিক সম্পাদক ৰাজু ৰাজ বৰপাত্ৰ গোঁহাই, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক ঋতুমনি হাজৰিকা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞাঁ, ,ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভবেন হালৈ , যুটীয়া সম্পাদক পাপু ডেকা ,উপ সভাপতি বাবলি আহমেদ ,কেন্দ্ৰীয় সদস্য অজিত পেগু , দুৰ্গা বৰা , ঢকুৱাখনা মহকুমা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ঢকুৱাখনা মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৰ্গই নন্দিতাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে।
আনহাতে, মঙলবাৰে নন্দিতা মৃত্যুৰ ৭ দিনৰ দিনা মৃতকৰ পৰিয়ালে আয়োজন কৰিছে আদ্যশ্ৰাদ্ধ ভাগিৰ। মঙলবাৰে পুৱাৰ পৰা ধৰ্মীয় পৰম্পৰা অনুসৰি মৃতকৰ আত্মাৰ সদ্গতি কামনাৰে আয়োজিত এই অনুষ্টুপিয়া অনুষ্ঠান ভাগিত সকলোকে উপস্থিত থাকিবলৈ সেৱা ধৰিছে দুৰ্ভগীয়া পিতৃ মাতৃয়ে । আজি নন্দিতাৰ পিতৃ নবীন শইকীয়া আৰু মাতৃ জোনালী শইকীয়াই নন্দিতাৰ অকাল মৃত্যুত দুখৰ সমভাগী হৈ পৰিয়ালটোৰ মহা দুৰ্যোগৰ কালত ৰাজ্যখনৰ যিসকল ব্যক্তি , দল, সংগঠন , অনুষ্ঠান ,প্ৰতিষ্ঠানে এষাৰ মাত দি , সহায়ৰ হাত আগবঢ়ালে সেই সকলোৰে ওচৰত আজীৱন চিৰ কৃতজ্ঞ হৈ ৰম বুলি কৈ মঙলবাৰে অনুষ্ঠিতব্য আদ্যশ্ৰাদ্ধ সকলোৰে পদধূলা কামনা কৰিছে।