বিগত এমাহ ধৰি স্নায়ু ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৭৯ বছৰীয়া গোলাপ বৰা

নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত আইভেটি সত্ৰৰ অন্তৰ্গত পহুকটা গাঁও নিৱাসী সমাজকৰ্মী গোলাপ বৰাৰ সোমবাৰে নিশা নিজ বাসগৃহত দেহাৱসান ঘটে। ৭৯ বছৰীয়া গোলাপ বৰা বিগত এমাহ ধৰি স্নায়ু ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

author-image
Asomiya Pratidin
New Update
গোলাপ বৰাৰ বিয়োগ

গোলাপ বৰাৰ বিয়োগ

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত আইভেটি সত্ৰৰ অন্তৰ্গত পহুকটা গাঁও নিৱাসী সমাজকৰ্মী গোলাপ বৰাৰ সোমবাৰে নিশা নিজ বাসগৃহত দেহাৱসান ঘটে। ৭৯ বছৰীয়া গোলাপ বৰা বিগত এমাহ ধৰি স্নায়ু ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। বৰা পহুকটা গাঁও সমাজৰ গায়ন, বায়ন, নামলগোৱা, দেউৰী আৰু নামঘৰীয়া হিচাপে সেৱা আগবঢ়াই সকলোৰে প্ৰিয়ভাজন হৈ পৰিছিল। সৰবৰহী, মৰমীয়াল, মৃদুভাষী ভকত গৰাকীৰ বিয়োগত অঞ্চলৰ বিভিন্নজনে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, চাৰিগৰাকী জীয়ৰী, জোৱাই, নাতি নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। 

Batadrawa namghar batadrawa news