/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/nalinindhar.jpg)
ডিজিটেল ডেস্কঃ অসমীয়া কাব্যজগতৰ ঋষিতুল্য নলিনীধৰ ভট্টাচাৰ্যৰ আজি দ্বিতীয় মৃত্যু তিথি। ২০১৬চনৰ আজিৰ দিনটোতেই পুৱতি নিশা এই পৃথিৱীৰ মায়া এৰি গুচি গৈছিল প্ৰিয় কবিগৰাকী। মানৱহিতৈষী চেতনাৰ জাগ্ৰত কৰা কবি আছিল নলিনীধৰ ভট্টাচাৰ্য। সামাজিক সংকটৰ অন্তমুখী সাধনাৰে সৃজনীশীল সৃষ্টিৰে কবিতা আৰু চিন্তামূলক প্ৰবন্ধৰ জৰিয়তে আন্ধাৰৰ মাজত তেওঁ পোহৰৰ সন্ধান কৰিছিল।
১৯২১চনৰ ৪ ডিচেম্বৰত জন্মগ্ৰহণ কৰা কবিগৰাকীয়ে সমালোচনা সাহিত্যতো নতুন মাত্ৰা প্ৰদান কৰিছিল। তেওঁৰ দৃষ্টি আছিল আধুনিক সত্যক অনুধাৱন কৰি পৰাকৈ এখন শ্ৰেণীমুক্ত সমাজবাদী কল্যাণমুখী সমাজ গঢ়াৰ। আন্তৰিকতাৰে প্ৰজ্ঞাৰ সাধনা কৰি যোৱা অত্যন্ত মৃদু, নিজ্জু আৰু নিৰ্মলগৰাকী আছিল কবি। তেওঁ আছিল মানৱিক চেতনাৰে পৰিপুষ্ট এজন চিধা মানুহ। মানুহৰ মংগলেই তেওঁৰ লিখাৰ উৎস।
সমাজ আৰু মানুহৰ প্ৰতি এই কবি আছিল সচেতন। বহু কেইখন কাব্যগ্ৰন্থ, প্ৰবন্ধ তথা সমালোচনামূলক গ্ৰন্থৰে তেওঁ অসমীয়া সাহিত্য চহকী কৰি গৈছিল। জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ভাতৃ আছিল কবি নলিনীধৰ ভট্টাচাৰ্য। তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহৰ ভিতৰত 'এই কুঁৱলীতে', 'দিনবোৰ সলনি নহ'ল', 'চেৰাশালিৰ মালিতা', 'আহত সপোন', 'ননী আছেনে ঘৰত', 'বিদায় ফুলৰ দিন' আছিল সামাজিক শোষিত-দলিতৰ কথা কবিতাৰ মাধ্যমেৰে সংবিধানশীলতাৰ মাজত ধৰি ৰখা উৎকৃষ্ট উদাহৰণ।
বিজ্ঞানমনস্ক এইগৰাকী কবি আছিল অসমীয়া কাব্য জগতৰ এগৰাকী বটবৃক্ষ স্বৰূপ। তেওঁৰ ব্যক্তিত্বই, তেওঁৰ সৃষ্টিৰাজিয়ে উত্তৰাধিকাৰীসকলক দেখুৱাই ভাল দিনৰ সপোন। দ্বিতীয় মাতৃ বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছে সকলোৱে কবি নলিনীধৰ ভট্টাচাৰ্যক।