নলবাৰীত বিজেপিৰ জয়ন্তমল্লৰ হৈ নিৰ্বাচনী প্ৰচাৰ অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীৰ…

নলবাৰীত বিজেপিৰ জয়ন্তমল্লৰ হৈ নিৰ্বাচনী প্ৰচাৰ অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীৰ…

author-image
asomiyapratidin
New Update
নলবাৰীত বিজেপিৰ জয়ন্তমল্লৰ হৈ নিৰ্বাচনী প্ৰচাৰ অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীৰ…

ডিজিটেল সংবাদ, নলবাৰীঃ অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে তেওঁৰ পুত্ৰ তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদঘাটন কৰি বিতৰ্কৰ সৃষ্টি কৰাৰ পিচতে যোৱা ৯ মাৰ্চত অসম সাহিত্য সভাই সভাৰ কোনো বিষয়ববীয়া যাতে অসম বিধানসভা নিৰ্বাচনৰ সময়ত কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীৰ হৈ সক্ৰিয়ভাবে জড়িত নহয় তাৰ বাবে পত্ৰযোগে নিৰ্দেশনা দিছিল।

Advertisment

ইমানৰ পিচতো পুনৰ আজি অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাক লৈ ৰাইজৰ মাজত নানান প্ৰশ্নৰ উদ্বেগ হৈছে। বুধবাৰে নলবাৰী চহৰৰ ৪ নম্বৰ ৱাৰ্ডৰ ধমধমা বাছ আস্থানত নলবাৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাৰ হৈ অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী তথা মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে প্ৰচাৰ চলায়।

তেওঁ জয়ন্তমল্ল বৰুৱাৰ উপস্থিতিত নিৰ্বাচনী কাৰ্যালয় উদঘাটন কৰে। তেওঁ ভাষণ প্ৰসংগত কয় যে- মাতৃ হিচাবে তেওঁ অসমৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে বিজেপিক আশীৰ্বাদ দিছে আৰু ৰাইজকো দলটোক আশীৰ্বাদ দিবলৈ আহ্বান জনাইছে। সাহিত্য সভাৰ উপ সভাপতিগৰাকীয়ে কয় যে তেওঁ অকল হিমন্তবিশ্ব শৰ্মাৰে মাতৃ নহয় অসমবাসীৰে মাতৃ, সেইবাবে মৰম স্নেহ আৰু আশীৰ্বাদ দিবলৈ নলবাৰীত উপস্থিত হৈছে।

আনহাতে সকলোৱে যাতে শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাবে ভোটদান কৰে তাৰ বাবেও তেওঁ প্ৰতিগৰাকী ভোটাৰক আহ্বান জনায়। নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাই কয় যে- হিমন্ত বিশ্ব শৰ্মা মোৰ ৰজনৈতিক গুৰু আৰু ছাত্ৰ অৱস্থাৰ সহপাঠী আছিল। সেই সূত্ৰে হিমন্তৰ মাতৃ মোৰো মাতৃ হিচাপে আশীৰ্বাদ দিবলৈ নলবাৰীলৈ আহিছে। এনেদৰে অসম সাহিত্য সভা প্ৰত্যক্ষভাৱে ভোটৰ ৰাজনীতিত সোমাই পৰাত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।