হাজোত নৃশংস ঘটনা : লাঠিৰে মৰিয়াই মৰিয়াই হত্যা সহকৰ্মীক

হাজোত নৃশংস ঘটনা : লাঠিৰে মৰিয়াই মৰিয়াই হত্যা সহকৰ্মীক

author-image
Asomiya Pratidin
New Update
হাজোত নৃশংস ঘটনা : লাঠিৰে মৰিয়াই মৰিয়াই হত্যা সহকৰ্মীক

ডিজিটেল ডেস্কঃ হাজোৰ অভয়পুৰত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। এখন বেকাৰীৰ এজন কৰ্মচাৰীয়ে সহকৰ্মী এজনক লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে। অভয়পুৰ অঞ্চলত অৱস্থিত ‘ৰুচি বেকাৰী’ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

Advertisment

মৃত লোকজনৰ নাম ধনেশ্বৰ ডেকা। ধনেশ্বৰ ডেকাৰ সৈতে একেখন বেকাৰীতে কাম কৰা উপেন কাড়ীয়ে এই হত্যাকাণ্ড সংঘটিত কৰিছে বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণ অনুসৰি, উপেন কাড়ীয়ে তেওঁৰ সহকৰ্মী বেকাৰীখনৰ কাৰীকৰ ধনেশ্বৰ ডেকাক লাঠিৰে মৰিয়াই মৰিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। এই ঘটনা সংঘটিত হোৱাৰ পিছতেই ধনেশ্বৰ ডেকাৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।

সূত্ৰৰ তথ্য অনুসৰি, অপৰাধ সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত উপেন কাড়ীয়ে। বৰ্তমানলৈ এই ঘটনাৰ আঁৰৰ কাৰণ জানিব পৰা হোৱা নাই।

স্থানীয় আৰক্ষীয়ে তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো উদ্ধাৰ কৰে। বৰ্তমান এই গোচৰৰ সৈতে জড়িত বেকাৰীখনৰ মালিক নয়নজ্যোতি ঠাকুৰিয়াক আৰক্ষীয়ে সোধা-পোছা কৰি আছে বুলি জানিব পৰা গৈছে।

Also Read: আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই জামিন লাভ ইন্দ্ৰানী তহবিলদাৰ আত্মহনন গোচৰত অভিযুক্ত দ্বিবন ডেকাৰ

assampolice