/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-2.jpg)
ডিজিটেল ডেস্কঃ এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নলবাৰীত। জানিব পৰা মতে প্ৰেম জনিত কাৰণত বিহপান কৰি আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল'লে ছাত্ৰী গৰাকীয়ে।
ছাত্ৰী গৰাকীৰ মৃতদেহৰ ওচৰৰ পৰা উদ্ধাৰ হৈছে এখন চুইচাইড নোট। ছাত্ৰী গৰাকীয়ে ছুইচাইড নোটত লিখে "মা মোক তুমি বেয়া নাপাবা ৷ মই এই সিদ্ধান্ত ল’ব লগা হ’ল ৷ মা মই জয়ন্তৰ কাৰণে বিহ খাব লগা হ’ল ৷ জয়ন্ত আৰু মোৰ মাজত সদায় কাজিয়াৰ সৃষ্টি হয় ৷ মই তাক বেয়া বস্তু খোৱাৰ মানা কৰাৰ স্বত্বেও সি সদায় খায় আৰু মই খাবলৈ মানা কৰিলে সি মোৰ লগত কাজিয়া কৰে ৷ মই বিহ খোৱাৰ বাবে জগৰীয়া জয়ন্ত কলিতা ৷ সি মোক মিছাতে সন্দেহ কৰি মোবাইলৰ ছিমখন লৈ গৈছে ৷"
এই ঘটনাৰ পাছতে স্থানীয় আৰক্ষীয়ে ছুইচাইড নোটখন উদ্ধাৰ কৰি ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷