নলবাৰীত ‘পাগলাপেইৰা খেতি’ পৰিদৰ্শন জিলা উপায়ুক্তৰ…

নলবাৰীত ‘পাগলাপেইৰা খেতি’ পৰিদৰ্শন জিলা উপায়ুক্তৰ…

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ চেংনৈ জাবুনত থকা 'পাগলাপেইৰা খেতি' নামৰ কৃষি ফাৰ্মখনৰ সবিশেষ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে শুকুৰবাৰে নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ফাৰ্মখন পৰিদৰ্শন কৰে। খেতিয়ক অসীম দত্তৰ এই ফাৰ্ম খনৰ পৰিকল্পনাৰ ব্যৱস্থা, জলসিঞ্চন ব্যৱস্থা, বীজ ৰোপন, বজাৰীকৰণ আদি ব্যৱস্থাৰ বুজ লয় উপায়ুক্ত গৰাকীয়ে।

মন কৰিবলগীয়া যে এই ফাৰ্মখনত ৫০ হাজাৰ ডাল কেপচিকাম, ২০০ ডাল আপেল বগৰী, তিনিশৰো অধিক ভোট জলকীয়া, চজিনা, অমিতাৰ লগতে বিভিন্ন ফুল আছে। বৈজ্ঞানিক পদ্ধতিৰে চলা এই খেতি সমূহ পৰিদৰ্শন কৰাত জিলা উপায়ুক্তক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। শুকুৰবাৰৰ এই পৰিদৰ্শন কাৰ্যত সাংবাদিক মনোজ শৰ্মা, যুৱ ছাত্ৰ পৰিষদৰ নেতা প্ৰনৱজ্যোতি ডেকা, সমাজকর্মী বনজিৎ মালাকৰেও সহযোগ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in