/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/nalbari-face-8b981a67-05bb-485e-836e-8c68903ea29b-1.jpg)
ডিজিটেল সংবাদ, নলবাৰীঃ ৰাজ্যৰ এই কঠিনতম সময়ত আৰ্তজনক সহায় আগবঢ়াবলৈ তেওঁলোকৰ ওচৰত থিয় দিছে বহু সুহৃদয়বান লোক। ইয়াৰোপৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে চৰকাৰী কৰ্মচাৰী সকলে দুখীয়া ৰাইজক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে।ইয়াৰ মাজতে শনিবাৰে নলবাৰী জিলা মটৰ শ্ৰমিক ইউনিয়নৰ সভাপতি, 'বৰদৈচিলা থিয়েটাৰ'ৰ সহকাৰী পৃষ্ঠপোষক নুৰ হুছেইনে ব্যক্তিগত ভাৱে শতাধিক পৰিয়ালক এমুঠি অন্নৰ যোগান ধৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে।
বিশিষ্ট সাংস্কৃতিক কৰ্মী নুৰ হুছেইনে আজি নলবাৰী চহৰৰ সমীপৱৰ্তী পয়লা,কলাফকিৰতোলা,ধমধমা মটৰ ষ্টেণ্ডৰ শতাধিক দুখীয়া পৰিয়ালক চাউল,দাইল,আলু,মিঠাতেল,ছয়াবিন,চাবোন আদি বিতৰণ কৰে।পূৰ্বেও দুখীয়া ৰাইজক সহায় সহযোগিতা কৰি ভাল পোৱা হুছেইনে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপক প্ৰশংসা কৰি কয় যে- মই যদিও চৰকাৰী কৰ্মচাৰী নহয়, তথাপিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক লৈ মই সুখী।আনহাতে, নিজামুদ্দিনৰ তবলিকী জামাতৰ ঘটনা সন্দৰ্ভত মত ব্যক্ত কৰি হুছেইনে কয় যে- এয়া দুৰ্ভাগ্যজনক ঘটনা।