হেমচন্দ্ৰ বৰুৱা অসমৰ উজ্জ্বল নক্ষত্ৰঃ নলবাৰীত ভাষাৰ ওজাৰ স্মৃতিচাৰণত সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্য

হেমচন্দ্ৰ বৰুৱা অসমৰ উজ্জ্বল নক্ষত্ৰঃ নলবাৰীত ভাষাৰ ওজাৰ স্মৃতিচাৰণত সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্য

author-image
asomiyapratidin
New Update
হেমচন্দ্ৰ বৰুৱা অসমৰ উজ্জ্বল নক্ষত্ৰঃ নলবাৰীত ভাষাৰ ওজাৰ স্মৃতিচাৰণত সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্য

ডিজিটেল সংবাদ, নলবাৰীঃ  'অসমীয়া ভাষা সাহিত্যক ৰক্ষা কৰিবলৈ ঈশ্বৰেই যেন পঠিয়াই দিছিল হেমচন্দ্ৰ বৰুৱাক। কাৰণ ১৮৩৫ চনৰ সন্ধিক্ষণত তেওঁৰ জন্ম। পিচৰ বছৰতে অসমত অসমীয়াৰ ঠাইত প্ৰচলন আৰম্ভ হৈছিল বঙলা ভাষাৰ। ' – এই মন্তব্য সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ। নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নলবাৰী জিলা লেখিকা সমাজৰ সহযোগত আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা স্মৃতিচাৰণ সভাত দিয়া ভাষণ প্ৰসংগত ড° ভট্টাচাৰ্যই এইদৰে কয়।

Advertisment

নলবাৰীৰ ৰাজেন্দ্ৰ চৌধুৰী ভৱনত বিয়লি জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত দিয়া ভাষণত ড° বসন্ত কুমাৰ ভট্টাচাৰ্যই হেমচন্দ্ৰ বৰুৱাক অসমৰ আকাশৰ উজ্জ্বল নক্ষত্ৰ বুলি অভিহিত কৰি কয় যে যিটো সময়ত শিক্ষাৰ নামত ব্যভিচাৰ চলিছিল, সেই সময়ত হেমচন্দ্ৰ বৰুৱাই অভিধান, ব্যাকৰণ প্ৰণয়ন কৰি অসমীয়া ভাষাক ৰক্ষা কৰিছে। হেমচন্দ্ৰক পাহৰিলে আমাৰ জীৱনৰ চৰম পৰাজয় হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে হেমচন্দ্ৰ বৰুৱা আছিল মানুহকেন্দ্ৰিক মানৱতাবাদী। সেয়ে তেওঁ সংস্কাৰবাদী আদৰ্শ গ্ৰহণ কৰিছিল। বিদ্ৰুপাত্মক ব্যংগ লিখাত সিদ্ধহস্ত হেমচন্দ্ৰ বৰুৱা সন্দৰ্ভত ড° বসন্ত কুমাৰ ভট্টাচাৰ্যই তীৰ্থনাথ শৰ্মাৰ উদ্ধৃতিৰে কয় যে হেমচন্দ্ৰৰ ব্যংগই কাটেও,ৰেপেও। কিন্তু বেজবৰুৱাৰ ব্যংগই কেৱল কাটেহে। ড° ভট্টাচাৰ্যই এইবুলিও কয় যে নতুন প্ৰজন্মই হেমচন্দ্ৰক স্মৰণ আৰু অধ্যয়ন কৰিলেহে উপলব্ধি কৰাত সহজ হ'ব আমি প্ৰকৃততে কিমান বাহিৰ শুৱনি ভিতৰ ফোপোলা।

অনুষ্ঠান উদ্ধোধন কৰে কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপিকা ড° কবিতা চৌধুৰীয়ে। অনুষ্ঠানত আৰম্ভণিতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিকৃতিৰ সম্মুখত বন্তি প্ৰজ্বলন কৰে কামৰূপ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° গিৰীশ চন্দ্ৰ ডেকাই আৰু মাল্যাৰ্পণ কৰে নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক যজ্ঞেশ্বৰ বুজৰবৰুৱাই। একে অনুষ্ঠানতে সাহিত্যিক ড° লীনা ডেকা আৰু অশ্চিনী কুমাৰ শৰ্মাক সম্বৰ্ধনা জনোৱা হয়। জিলা সাহিত্য সভাৰ সম্পাদক অতুল চন্দ্ৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানত সম্বৰ্ধনাপত্ৰ পাঠ কৰে জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক শ্বাহ আলম আহমেদে।।