/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/nalbarrri-batadrawa-sss-college.jpg)
ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ ৰৌমাৰী দমদমা গাঁৱৰ নামঘৰ প্ৰাংগনত দেওবাৰে বৰলীয়া ৱেলফেয়াৰ ছ'ছাইটিৰ উদ্যোগত আৰু অসম চৰকাৰৰ সমাজ কল্যাণ সঞ্চালকালয়ৰ সহযোগত জ্যেষ্ঠ নাগৰিকৰ বাবে বিনামূলীয়া ভ্ৰাম্যমাণ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। লগতে এখন স্বাস্থ্য সজাগতামূলক সভাও অনুষ্ঠিত হয়। পূব কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপিকা ড° দুলুমনি ডেকাই আঁত ধৰা অনুষ্ঠানটোত সমাজসেৱক তথা জ্যেষ্ঠ অধিবক্তা ফণীধৰ ডেকাই সভাখন উদ্বোধন কৰি স্বাস্থ্য শিবিৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি বৰলীয়া ৱেলফেয়াৰ ছ'চাইটিৰ শলাগ লয় ।
সভাত প্ৰাসংগিক ভাষণ দিয়ে নলবাৰীৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ বীৰেন্দ্ৰনাথ তালুকদাৰে। তেওঁ জ্যেষ্ঠ নাগৰিকসকলক স্বাস্থ্যৰ যত্ন ল'বলৈ আৰু সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । লগতে কোভিডৰ নীতি-নিয়মৰ মাজেৰে সকলো চলিলেহে সকলোৱে বিপদৰ পৰা ৰক্ষা পৰিব বুলি কয়। সভাত গাওঁবুঢ়া দিবাকৰ বৰ্মন, ছ'চাইটিৰ সভাপতি মানবেন্দ্ৰ কলিতা, সম্পাদক অৰূপজ্যোতি ডেকা সমন্বিতে জ্যেষ্ঠ নাগৰিকসকল উপস্থিত থাকে। শিবিৰত চিকিৎসা সেৱা আগবঢ়াই ক্ৰমে ডাঃ বীৰেন্দ্ৰনাথ তালুকদাৰ, ডাঃ নিখিলেখ দাস আৰু ডাঃ সীমান্ত নাথে । শিবিৰত ম'বাইল মেডিকেল ইউনিটৰ স্বাস্থ্য কৰ্মীসকলে ১১০ গৰাকী জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধো প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us