পশ্চিম নলবাৰীত বিনামূলীয়াকৈ বানাক্ৰান্ত আৰু পশুধনৰ চিকিৎসা সেৱা…

পশ্চিম নলবাৰীত বিনামূলীয়াকৈ বানাক্ৰান্ত আৰু পশুধনৰ চিকিৎসা সেৱা…

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ পশ্চিম নলবাৰী অঞ্চলৰ চামতাকে ধৰি বিভিন্ন ঠাইত বিগত সপ্তাহত মানুহ, কৃষি আৰু পশুধনৰ ওপৰত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত  সৰ্বসাধাৰণৰ আলৈ-আথনিৰ    লগতে স্বাস্থ্য আৰু খাদ্যৰ মহা সংকটত ভূগিছে পশুধন সমুহো৷

বানপানী কিছু হ্ৰাস হৈছে যদিও সম্প্ৰতি মানুহ আৰু পশুধনৰ মাজত অচিন ৰোগে দেখা দিছে। পশুধনৰ এই দুৰ্যোগৰ অৱস্থাত পশ্চিম নলবাৰী  খণ্ড উন্নয়ন পশু চিকিৎসা বিষয়াৰ আৰু বিহামপুৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত পশুধনৰ বিনামূলীয়া  চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে পশুধনৰ খাদ্য সামগ্ৰী বিতৰণ কৰা হয়৷ 

দলটোৱে পশ্চিম নলবাৰীৰ বিভিন্ন স্থানৰ লগতে মুলাৰকুছি আৰু ঔহাটীত দুটা চিকিৎসা শিবিৰ পাতি  পশুধন সমূহৰ চিকিৎসা প্ৰদান কৰে৷ উক্ত শিবিৰ দুটাত ক্ৰমে ১৭৫ আৰু ২১০টা পশুধনৰ চিকিৎসা প্ৰদান কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰে৷ 

ইফালে, অঞ্চলটোৰ মানুহৰ ঘৰে ঘৰে গৈও দলটোৱে চিকিৎসা সেৱা প্ৰদান কৰে৷ পশু চিকিৎসা বিষয়া ডাঃ বিভূতি চক্ৰৱৰ্তীৰ নেতৃত্বত শিবিৰ দুটাত চিকিৎসা সেৱা আগবঢ়ায় ক্ষেত্ৰ সহায়ক দ্বীপেন্দ্ৰ নাথ শৰ্মা, চৰ্ফোদ্দিন আহমেদ, নিৰোদ চক্ৰৱৰ্তী, মকিবৰ ৰহমানৰ লগতে সহায়ক হিচাপে থাকে চৰিফুদ্দিন আহমেদ আৰু বিমল ঠাকুৰীয়া৷

ইয়াৰ উপৰিও বিহামপুৰ ৰাজ্যিক চিকিৎসালয়ৰ অধীনত বানাক্ৰান্ত অঞ্চল সমূহত পশুধনৰ খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। বিহামপুৰ, খলিহা, মুলাৰকুছি আদি অঞ্চলত প্ৰায় ৫০ কুইণ্টল পশুধনৰ খাদ্য বিতৰণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in