নলবাৰীত ব্যাপক সাফল্যৰ দিশে বিজেপি

নলবাৰীত ব্যাপক সাফল্যৰ দিশে বিজেপি

author-image
asomiyapratidin
New Update
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ শেহতীয়া খবৰ

ডিজিটেল সংবাদ, নলবাৰীঃ পঞ্চায়ত নিৰ্বাচনৰ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই নলবাৰী জিলাত ব্যাপক সাফল্যৰ দিশত আগবাঢ়িছে বিজেপি। উল্লেখ্য যে, জিলাখনত ১৩টা জিলা পৰিষদ, ৬৫টা গাওঁ পঞ্চায়ত, ৬৪টা আঞ্চলিক পঞ্চায়ত আৰু ৬৪০টা গাওঁ পঞ্চায়তৰ সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। ১গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ১০গৰাকী গাওঁ পঞ্চায়তৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল।

Advertisment

উল্লেখ্য যে, নলবাৰী গৰ্ডন স্কুলত চলি আছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। বৰ্তমানলৈ ৯৩ গৰাকী গাওঁ পঞ্চায়ত সদস্যৰ ভিতৰত ৬৬ গৰাকী বিজেপিৰ, ২৪ গৰাকী কংগ্ৰেছৰ, ২গৰাকী অগপৰ আৰু ১গৰাকী চিপিআই(এম)ৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। সেইদৰে গাওঁ পঞ্চায়তৰ সভাপতি পদত ৮গৰাকী বিজেপিৰ আৰু ২গৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।

আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদত ৮গৰাকী বিজেপিৰ আৰু ১গৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। ইফালে ১০খন জিলা পৰিষদ আসনত বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে। এখনত অগপ আৰু দুখনত কংগ্ৰেছ প্ৰাৰ্থী আগবাঢ়ি আছে। পঞ্চায়ত সভাপতিৰ পদত বিজেপিৰ ৩৪, কংগ্ৰেছৰ ১৭, অগপৰ ৪ আৰু নিৰ্দলীয় ২গৰাকী প্ৰাৰ্থী আগবাঢ়ি আছে।

আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বিজেপিৰ ৩৪, কংগ্ৰেছৰ ১৭, অগপৰ ৪ আৰু বিপিএফৰ ১গৰাকী প্ৰাৰ্থী আগবাঢ়ি আছে। একেদৰে গাওঁ সভাৰ সদস্য পদত বিজেপিৰ ১৭৭, কংগ্ৰেছৰ ৮১, অগপৰ ২৭, চিপিআই(এম)ৰ ৪, বিপিএফৰ ১ আৰু নিৰ্দলীয় ৮ গৰাকী প্ৰাৰ্থী আগবাঢ়ি আছে।