Advertisment

নলবাৰী জিলাত ১৪৪ ধাৰা জাৰি

নলবাৰী জিলাত ১৪৪ ধাৰা জাৰি

author-image
asomiyapratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

ডিজিটেল সংবাদ, টিহুঃ অতিমাৰী কোভিড-১৯ৰ পৰিপ্ৰেক্ষিতত আৰোপিত লকডাউনৰ সময়চোৱাতে 'ৰঙা মণ্ডল' হিচাপে চিহ্নিত নলবাৰী জিলাক ১ মে'ৰ পৰা 'সেউজীয়া মণ্ডল'লৈ ৰূপান্তৰ কৰা হয় যদিও বিষয়টোৰ গুৰুত্ব আৰু গম্ভীৰতালৈ লক্ষ্য ৰাখি জিলাখনত সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ সকলো ধৰণৰ অনাৱশ্যকীয় কাম-কাজ বিষয়ক যাতায়াত নিষিদ্ধ কৰা হৈছে।

Advertisment

এই সংক্ৰান্তত জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ১৪৪ ধাৰা জাৰি কৰিছে। ১ মে'ৰ সন্ধিয়া জিলা উপায়ুক্তগৰাকীয়ে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ জাৰি কৰা এই নিষেধাজ্ঞা পৰৱৰ্তী জাননী নিদিয়ালৈকে বাহাল থাকিব।