নলবাৰীৰ মৰাপাগলাদিয়া আৰু উল্টাখন্দা নদীৰ খহনীয়াপ্ৰবণ এলেকা পৰিদৰ্শন উপায়ুক্তৰ

নলবাৰীৰ মৰাপাগলাদিয়া আৰু উল্টাখন্দা নদীৰ খহনীয়াপ্ৰবণ এলেকা পৰিদৰ্শন উপায়ুক্তৰ

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে মঙলবাৰে জিলাখনত থকা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা প্ৰতুল পাটোৱাৰী আৰু সহকাৰী কাৰ্যবাহী অভিযন্তাৰ সৈতে মৰাপাগলাদিয়াৰ পাৰত অৱস্থিত লংকা চুবা, শিয়ালমাৰী, বালি আৰু উল্টাখন্দা নদীৰ পাৰত অৱস্থিত গৰবেৰ এলেকাৰ খহনীয়াপ্ৰবণ ঠাইসমূহ পৰিদৰ্শন কৰে।

উক্ত এলেকাত এছ ডি আৰ এফৰ অধীনত চলি থকা গৰাখহনীয়া প্ৰতিৰোধৰ কামসমূহ উপায়ুক্তগৰাকীয়ে পৰিদৰ্শন কৰে। তেওঁৰ পৰিদৰ্শনকালত লংকা চুবাত জিঅ' বেগ বহোৱা কাম চলি আছিল। উক্ত এলেকাত ১৪৫ মিটাৰ খহনীয়া প্ৰতিৰোধৰ কাম আৰু ১৫৫ মিটাৰ মাটি পেলোৱা কাম হাতত লোৱা হৈছে আৰু তাৰে ৬০শতাংশ কাম আগবাঢ়িছে বুলি জানিব পৰা গৈছে।

আনহাতে শিয়ালমাৰী আৰু বালি এলেকাত ৭৫ মিটাৰ প্ৰতিৰোধ আৰু মাটি পেলোৱা কাম, ৬৮ মিটাৰ প্ৰতিৰোধ আৰু মাটি পেলোৱা কাম আৰু ১৫ মিটাৰ মাটি পেলোৱা কাম হাতত লোৱা হৈছিল আৰু তাৰে মাটি পেলোৱা কাম ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে বুলি জানিবলৈ দিয়ে কৰ্তব্যৰত বিষয়াই। এই ঠাইসমূহত জিঅ' বেগ বহোৱা কামৰ ৭২শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা হৈছে। ইফালে শিয়ালমাৰীত মৰাপাগলাদিয়াৰ পাৰত ৯০ মিটাৰ জোৰা ঠাইত বাঁহৰ গৰাল মৰা কাম চলি আছে।

উল্টাখন্দা নদীৰ পাৰত অৱস্থিত গৰবেৰ এলেকাত খহনীয়া প্ৰতিৰোধৰ বাবে এখন এষ্টিমেট প্ৰস্তুত কৰি উৰ্ধ্বতন কৰ্তৃপক্ষলৈ মঞ্জুৰিৰ বাবে পঠিওৱা হৈছে। এই এলেকাৰ ৰাইজে অতিশীঘ্ৰে খহনীয়া ৰোধৰ ব্যৱস্থা ল'বলৈ উপায়ুক্ত আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক অনুৰোধ জনাইছে যাতে আৰু অধিক ক্ষতিৰ পৰা হাত সাৰিব পৰা যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in