নলবাৰীত বিশৃংখলতাৰে ভোটগণনা আৰম্ভ, ৱাৰ্ড সদস্যৰ ৭ জন বিজেপি, ২ কংগ্ৰেছ

নলবাৰীত বিশৃংখলতাৰে ভোটগণনা আৰম্ভ, ৱাৰ্ড সদস্যৰ ৭ জন বিজেপি, ২ কংগ্ৰেছ

author-image
asomiyapratidin
New Update
নলবাৰীত বিশৃংখলতাৰে ভোটগণনা আৰম্ভ,  ৱাৰ্ড সদস্যৰ ৭ জন বিজেপি, ২ কংগ্ৰেছ

ডিজিটেল সংবাদ, নলবাৰীঃ চৰম বিশৃংখলতাৰে বুধবাৰে নলবাৰীত আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। নলবাৰীৰ চৰকাৰী গৰ্ডন স্কুলৰ ভোট গণনা কক্ষত পুৱাৰ ভাগত একাংশ প্ৰাৰ্থী আৰু তেওঁলোকৰ এজেন্টক সোমাবলৈ নিদিয়াক কেন্দ্ৰ কৰি পৰিবেশ উত্তপ্ত হৈ পৰে। বিক্ষুব্ধ লোকসকলে ' জিলা প্ৰশাসন মুৰ্দাবাদ', বিজেপি হায় হায়' আদি শ্ল'গান দি পৰিবেশ উত্তাল কৰে।

Advertisment

পিচত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাত প্ৰায় এঘাৰ বজাতহে ভোট গণনা আৰম্ভ কৰা হয়। ইপিনে নলবাৰী জিলাৰ মুঠ ২,১২৪ গৰাকী প্ৰাৰ্থীৰ সমৰ্থকসকলে ভোট গণনা কেন্দ্ৰৰ ভিতৰে বাহিৰে অধীৰ অপেক্ষাৰে ভিৰ কৰিছে। জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাওঁ পঞ্চায়তৰ বাবে ক'ৰবাত প্ৰথম আৰু ক'ৰবাত দ্বিতীয় ৰাউণ্ডৰ গণনাহে চলি আছে। দিনৰ ডেৰ বজালৈ ৯ জন পঞ্চায়ত সদস্যৰহে ফলাফল ওলাইছে। ইয়াৰে ৭ জন বিজেপি আৰু ২ জন কংগ্ৰেছ প্ৰাৰ্থী জয়ী হৈছে।