নলবাৰীত ডায়েৰী পাতৰ শ্বায়েৰী উন্মোচন….

নলবাৰীত ডায়েৰী পাতৰ শ্বায়েৰী উন্মোচন….

author-image
asomiyapratidin
New Update
নলবাৰীত ডায়েৰী পাতৰ শ্বায়েৰী উন্মোচন….

ডিজিটেল সংবাদ,নলবাৰীঃ এতিয়া তৰুণ প্ৰজন্ম সাহিত্যৰ প্ৰতি আকৰ্ষিত হ'ব লাগিব আৰু কবিতাৰ বাবে যথেষ্টখিনি অধ্যয়ন কৰিব লাগিব ৷ নলবাৰীত সময়ৰ লগে লগে বহুকেইজন কবি প্ৰতিষ্ঠিত হৈছে । এয়া একমাত্ৰ অধ্যয়নৰ ফলতেই হ'ব পাৰিছে ৷ ' এই বক্তব্য বিশিষ্ট ঔপন্যাসিক, প্ৰবন্ধকাৰ পংকজ গোবিন্দ মেধিৰ ৷ তেওঁ লগতে ইয়াকো প্ৰকাশ কৰে যে অসমৰ প্ৰতিজন কবিয়ে নিজৰ নিজৰ জীৱনত তেওঁৰ সাহিত্য চৰ্চাৰ মৃত্যু দেখে, কিন্তু সেয়া তেওঁ কেতিয়াও নিবিচাৰে ৷ সেই বাবেই তেওঁ সকলোকে ধ্ৰুপদী সাহিত্য চৰ্চা কৰাৰ বাবে আহ্বান জনায় ৷

Advertisment

নলবাৰী চ'কবজাৰস্থিত আগশাৰীৰ অনুষ্ঠান শংকৰদেৱ একাডেমীত আজি অসম প্ৰতিষ্ঠানৰ উদ্যোগত আৰু শংকৰদেৱ একাডেমীৰ সহযোগত উদীয়মান কবি অম্লানজ্যোতি তালুকদাৰৰ 'ডায়েৰী পাতৰ শ্বায়েৰী' নামৰ কবিতা পুথি এখন উন্মোচন কৰে মেধিয়ে৷ দীনেশ তালুকদাৰে আদৰণী ভাষণ আগবঢ়োৱা আৰু শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে উদীয়মান কবি অম্লান জ্যোতি তালুকদাৰে ৷

উক্ত অনুষ্ঠানতটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে নলবাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ৰঞ্জনা ভট্টাচাৰ্য, দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ থানেশ্বৰ শৰ্মা আৰু মৰোৱা আনন্দ ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লোহিত চন্দ্ৰ তালুকদাৰে ৷ সভাৰ আৰম্ভণিতে বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰৰ বিদেহ আত্মাৰ শান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ৷