নকচাৰীত লাচিত দিৱস উদযাপন…

নকচাৰীত লাচিত দিৱস উদযাপন…

author-image
asomiyapratidin
New Update
নকচাৰীত লাচিত দিৱস উদযাপন…

ডিজিটেল সংবাদ, মৰিয়নী: আটাছুৰ নকচাৰী আঞ্চলিকৰ উদ্যোগত মৰিয়নীৰ দেবেৰাপাৰা চাৰিআলিত বীৰ লাচিত দিৱস উদযাপন কৰা হয়। দেবেৰাপাৰা চাৰিআলিৰ বীৰ লাচিতৰ প্ৰতিমূৰ্তিস্থলীত লাচিত দিৱস উপলক্ষে পুৱা পতাকা উত্তোলন আৰু বীৰ গৰাকীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি তৰ্পন কৰা হয়।সন্ধিয়া লাচিতৰ প্ৰতিমূৰ্তিস্থলীত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী পালন কৰা হয়।

Advertisment

বীৰ লাচিতৰ প্ৰতিমূৰ্তিস্থলীত মাল্যাপন কৰে দেবেৰাপাৰা চকীৰ আৰক্ষী বিষয়া দিপাংকৰ গগৈয়ে। ইয়াৰ পিচতে বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। অনুষ্ঠানটোত আটাছুৰ যোৰহাট জিলাৰ কাৰ্যকৰী সভাপতি চাও ললিত গগৈ,নকচাৰী আঞ্চলিক সমিতিৰ সভাপতি অপৰাজিৎ কোৱৰ আৰু যুটীয়া সম্পাদকদ্বয় নিহাৰ বৰচেতিয়া আৰু পলাশ গগৈ উপস্থিত থাকে।