/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/pankaj.png)
ডিজিটেল সংবাদ , নাহৰকটীয়া: "মোৰ ল'ৰা ঘুৰাই দিয়ক, নহ'লে তাক মাৰি পেলাওঁক।মাতৃৰ বুকু উদং কৰি ইমান সৰু সৰু লৰা বোৰক আলফালৈ নিছে,মোৰ পুত্ৰকো লৈ গ'ল,আপোনাৰো সন্তান আছে,আপোনাৰ সন্তানক এনেদৰে যাবলৈ দিবনে"- পুত্ৰৰ বেদনাত উচুপি উঠি পৰেশ বৰুৱাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে নাহৰকটীয়াৰ এগৰাকী দুৰ্ভগীয়া মাতৃয়ে।
নাহৰকটীয়া নে-খাম বাহধাৰী গাওঁৰ নিবাসী পৱিত্ৰ গগৈ আৰু অনিতা গগৈৰ একমাত্ৰ পুত্ৰ পংকজ গগৈয়ে যোৱা ৪ মাৰ্চৰ দিনা কৰ্মসংস্থাপ বিচাৰি কেৰেলালৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈ ১৮ এপ্ৰিলৰ দিনা আলফাৰ ম্যানমাৰ শিৱিৰত উপস্থিত হৈ আলফা স্বাধীনত যোগদান কৰা তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে।পৰিয়াল লোকে অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে ৬ এপ্ৰিলৰ দিনা পংকজে পত্নীক ফোন কৰি কেৰেলাতে কাম কৰি থকাৰ কথা অৱগত কৰিছিল ।
৬ এপ্ৰিলৰ দিনা শেষবাৰৰ বাবে পত্নী উদ্দীপনা গগৈৰ লগত ফোনত কথা পতাৰ পিছৰে পৰা পৰিয়ালৰ সৈতে যোগাযোগ নোহোৱা হ'ল পংকজৰ। ৬ এপ্ৰিলৰ দিনা ফোনত পত্নীয়ে বিহু বজাৰ কৰিবলৈ খৰচ বিচৰাত পত্নীৰ সৈতে ফোনতে বাক বিতণ্ডাত লিপ্ত হয় পংকজে। তাৰ পিছত পত্নীক হোৱাটছ আপ আৰু কন্টেক লিষ্ট ব্লক কৰি দিয়ে পংকজ গগৈয়ে।আনকি বিহুৰ দিনাও পৰিয়ালৰ সৈতে কোনো যোগাযোগ কৰা নাছিল পংকজ গগৈয়ে।
ইফালে মঙলবাৰে সংবাদ মাধ্যমত পংকজে আলফা স্বাধীনত যোগদান কৰাৰ কথা জানিব পাৰি এতিয়া কান্দোনত ভাঙি পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। মন কৰিবলগীয়া যে পত্নীসহ ৭ বছৰীয়া সন্তানক এৰি থৈ আলফা গমন কৰা পংকজ গগৈ যকৃৎ ৰোগত আক্ৰান্ত হোৱাৰ ফলত কিছু বছৰ আগতে তেওঁৰ অস্ত্ৰোপচাৰ ও সম্পন্ন হৈ গৈছিল । এনে পৰিস্থিতিত যুৱকজন আলফালৈ গমন কৰাত আৰু অধিক চিন্তিত হৈ পৰিছে তেওঁৰ পৰিয়ালটো। এনে প্ৰেক্ষাপটত আলফা স্বাধীনৰ ফালৰ পৰা কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইয়া লক্ষ্যণীয় হ'ব।