/asomiyapratidin/media/media_files/2025/09/25/vdvdxv-2025-09-25-15-09-33.png)
ডিজিটেল ডেস্ক: নাহৰ আৰু জুবিন ! নাহৰৰ সৈতে জুবিন গাৰ্গৰ আছে এক গভীৰ সম্পৰ্ক। যাক প্ৰতিজন অসমীয়াই উপলব্ধি কৰিব পাৰে। নাহৰৰ প্ৰতি থকা প্ৰেম জুবিনৰ গীতটো স্পষ্টকৈ প্ৰতিফলিত হয় । নাহৰ গছ, ফুলক লৈ তেওঁ বহুকেইটা গীত ৰচনা কৰিছে। ‘ঐ নাহৰ’ শীৰ্ষক গীতটো হয়তো তেওঁ প্ৰায় সকলো মঞ্চতে পৰিবেশন কৰিছে।
এদিন এখন বিহু মঞ্চত ‘ঐ নাহৰ’ বুলি গীত জোৰোতেই অজস্ৰ অনুৰাগীয়ে খুব জোৰৰে চিঞৰি চিঞৰি এই গীতটো গাবলৈ ধৰিলে। তেতিয়াই জুবিন ৰৈ গ’ল আৰু অনুৰাগীক উদ্দেশ্যি তেওঁ ক’লে, ‘অকল নাহৰ নাহৰ চিঞৰি থাকিলে নহ’ব। নাহৰ ৰুব লাগিব ঘৰত। ঘৰত নাহৰ এজোপা যেতিয়া থাকিব, তেতিয়া ঘৰত মই থকাৰ নিচিনা লাগিব। য’ত নাহৰ থাকে, তাত জুবিন গাৰ্গ থাকে।'
এৰা, য’ত নাহৰ তাত জুবিন ! সেয়ে ছাগৈ চিৰবিদায় লোৱাৰ সময়ত পত্নী গৰীমাই অশ্ৰুসিক্ত নয়নৰে খুব মৰমৰে এখন গামোছাত তিনিটা নাহৰৰ পাত বান্ধি জুবিনক দি পঠাইছিল। মাটিত বিলীন হোৱাৰ পাছত সেই ঠাইত গৰিমাই এটা নাহৰৰ পুলি ৰুইছিল।
কেৱল নাহৰেইনে ? জুবিন গাৰ্গে এজোপা গছৰ বাবেই তেওঁৰ খাৰঘূলিৰ ঘৰটোৰ সম্পূৰ্ণ নক্সা সলনি কৰিছিল। ঘৰটোৰ সন্মুখতে থকা এই গছজোপা তেওঁ কাটিবলৈ নিদিছিল। উন্নয়নৰ নামত অসমত গছ কাটিলে প্ৰথম মাত মতা মানুহজন তেওঁয়েই আছিল। সকলো অনুৰাগীয়ে এজোপা গছ ৰুই ডাঙৰ হোৱালৈকে গছজোপাৰ যত্ন ল’বলৈ তেওঁ প্ৰায়ে কৈছিল। কোনোয়ে গছ পুলি উপহাৰ দিলে তেওঁ আটাইতকৈ সুখী হৈছিল।
এতিয়া অনুৰাগীয়ে কোনো কোনো ঠাইত প্ৰিয় শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনাই ৰুইছে নাহৰৰ পুলি। য’ত থাকিব মৰমৰ জুবিন। নাহৰ গছত উঠি ওপৰলৈ চালেও তেওঁলোকে দেখিবলৈ পাব অসমীয়াৰ প্ৰাণৰ শিল্পীক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us