নিজ ডিমৌ ঐতিহ্যমণ্ডিত ২০০ বছৰীয়া নামঘৰত ভাগৱত পাঠ...

নগাঁও জিলাৰ বেবেজীয়াৰ  সমীপৰ নিজ ডিমৌৰ দুশ বছৰীয়া নামঘৰত আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে অবিৰত ভাগৱত পাঠ আৰু ভাওনা মহোৎসৱ ৷

author-image
Asomiya Pratidin
New Update
kkkss

ডিজিটেল  সংবাদ ,বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ  সমীপৰ নিজ ডিমৌৰ দুশ বছৰীয়া নামঘৰত আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে অবিৰত ভাগৱত পাঠ আৰু ভাওনা মহোৎসৱ ৷ আজি পুৱা পৰিবেশ নিকাকৰণ,প্ৰাতঃ প্ৰসংগৰ পাছত ধৰ্মধ্বজা উত্তোলন কৰে নিজ ডিমৌ অঞ্চলৰ সমাজকৰ্মী অমূল্য পাটৰে ৷ দুপৰীয়া নাম প্ৰংসগ সম্পন্ন হোবাৰ পাছত বিয়লি ভাগৱত পাঠ অনুষ্ঠিত হয় ৷

Advertisment

নামঘৰ নিৰ্মাণ কমিটিৰ উদ্যোগত অনুষ্ঠিত হোবা ভাগৱত পাঠ অনুষ্ঠানটিত কেশৱানন্দ মেধি,নতুন প্ৰজন্মৰ পাঠেক প্ৰিয়দৰ্শন ডেকা, টিকেন ডেকা,সদানন্দ ডেকা,নিৰ্মল কাকতি  আৰু বকুল ডেকাই অবিৰত ভাবে গোটেই  নিশা  ভাগৱত পাঠ কৰে ৷

উল্লেখ্য যে আজি  হৰিনামৰ ধ্বনিৰে সমগ্ৰ অঞ্চলটোতে আধ্যাত্মিক পৰিবেশে বিৰাজ কৰা ভাগৱত পাঠ অনুষ্ঠানটিত আজি ভৱেন মেধি, বিতোপন ডেকা,  জয়কান্ত ডেকা, বিনয় ডেকা, উমা ডেকা, অভিনেতা দিগন্ত ডেকা, সৌৰভ ডেকা,পংকজ ডেকা, সত্য ডেকা, গুনেশ্বৰ ডেকা, নামঘৰ পৰিচালনা সমিতিৰ সভাপতি মনোজ কুমাৰ ডেকা আৰু সম্পাদক পবিত্ৰ বৰদলৈকে ধৰি ডিমৌ অঞ্চলৰ বাপ বান্ধব আৰু আই মাতৃ সকল উপস্থিত থাকে ৷

অন্যহাতে কাইলৈ ভাগৱত পাঠ অনুষ্ঠানৰ সামৰনি, দুপৰীয়া নাম প্ৰসংগ তথা প্ৰসাদ বিতৰণ আৰু সন্ধিয়ালৈ স্থানীয় অভিনেতা-অভিনেত্ৰী সকলৰ দ্বাৰা অংকীয়া ভাওনা  'দক্ষ্-যজ্ঞ্ '  পৰিবেশিত হ'ব ৷

নামঘৰ