কাইলৈৰ পৰা 'নাগেশ ট্ৰফী ফৰ দ্য ব্লাইণ্ড-২০২৫'

পঞ্জাবৰ লুধিয়ানাত কাইলৈৰ পৰা ৬ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব নাগেশ ট্ৰফী ফৰ দ্য ব্লাইণ্ড-২০২৫। ক্ৰিকেট এছ’চিয়েচন ফৰ দ্য ব্লাইণ্ড ইন ইণ্ডিয়া (CABI) আৰু ক্ৰিকেট এছ’চিয়েচন অৱ ব্লাইণ্ড, অসমৰ দ্বাৰা আয়োজিত এই খেলত অসম ৰাজ্য ব্লাইণ্ড ক্ৰিকেট দলে অংশ ল’ব।

author-image
সংগীতা দাস
New Update
cricket

ডিজিটেল ডেস্ক: পঞ্জাবৰ লুধিয়ানাত কাইলৈৰ পৰা ৬ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব নাগেশ ট্ৰফী ফৰ দ্য ব্লাইণ্ড-২০২৫। ক্ৰিকেট এছ’চিয়েচন ফৰ দ্য ব্লাইণ্ড ইন ইণ্ডিয়া (CABI) আৰু ক্ৰিকেট এছ’চিয়েচন অৱ ব্লাইণ্ড, অসমৰ দ্বাৰা আয়োজিত এই খেলত অসম ৰাজ্য ব্লাইণ্ড ক্ৰিকেট দলে অংশ ল’ব। অসমৰ এই দলটোৰ খেলুৱৈসকল হৈছে হিউমেন বুঢ়াগোহাঁই (অধিনায়ক), হৰ্ষজিৎ শৰ্মা (উপ অধিনায়ক), ধীৰাজ টিমচিনা, শচীন পেগু, পিংকু ফুকন, কুমুদ ৰেগন, দেবেন অধিকাৰী, অম্লানজ্যোতি তালুকদাৰ, নয়নমণি বৈশ্য, বিপুল তালুকদাৰ, সমীন আহমেদ, অজয় ​​মুণ্ডা, ধীৰাজ টিমচিনা, মনজিৎ চৌধুৰী আৰু ডিম্পল চুতীয়া।

দলটোলৈ বিভিন্নজনৰ শুভেচ্ছা

ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিবলগীয়া এই খেলুৱৈসকলক মন্ত্ৰী কৃষ্ণেন্দু পালে শুভেচ্ছা জনাই উল্লেখ কৰে যে, ‘অসম ব্লাইণ্ড ক্ৰিকেট দলে মানুহৰ অদম্য আত্মাক প্ৰতিফলিত কৰে। তেওঁলোকৰ সফলতাত গৰ্বিত আৰু জাতীয় স্তৰত সফলতা কামনা কৰিছো।’ ইফালে, চেলুট তিৰংগা, অসম প্ৰদেশেও অসমৰ এই দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে। চেলুট তিৰংগা, অসম প্ৰদেশৰ সভাপতি অনুপ সিনহাই এই দলটোৰ সাহস, নিষ্ঠা আৰু অধ্যৱসায় দেশপ্ৰেম আৰু শক্তিৰ প্ৰতীক বুলি মন্তব্য কৰে।