ভাৰতীয় বায়ুসেনাৰ অৱসৰ প্ৰাপ্ত বিষয়া, বিশিষ্ট সমাজকৰ্মী, ধৰ্মপ্ৰাণ ব্যক্তি নগেন্দ্ৰ নাথ শইকীয়াৰ বিয়োগ…

ভাৰতীয় বায়ুসেনাৰ অৱসৰ প্ৰাপ্ত বিষয়া, বিশিষ্ট সমাজকৰ্মী, ধৰ্মপ্ৰাণ ব্যক্তি নগেন্দ্ৰ নাথ শইকীয়াৰ বিয়োগ…

author-image
asomiyapratidin
New Update
ভাৰতীয় বায়ুসেনাৰ অৱসৰ প্ৰাপ্ত বিষয়া, বিশিষ্ট সমাজকৰ্মী, ধৰ্মপ্ৰাণ ব্যক্তি নগেন্দ্ৰ নাথ শইকীয়াৰ বিয়োগ…

ডিজিটেল সংবাদ, বেবেজীয়া : নগাওঁ জিলাৰ মিলনপুৰ বৈদ্যটূপৰ নিৱাসী ভাৰতীয় বায়ুসেনাৰ অৱসৰ প্ৰাপ্ত বিষয়া, বিশিষ্ট সমাজকৰ্মী ধৰ্ম প্ৰাণ ব্যক্তি নগেন্দ্ৰ নাথ শইকীয়াৰ গুৱাহাটীৰ এখন ব্যক্তিগত চিকৎসালয়ত যোৱা নিশা চিকিৎসা ধীন অৱস্থাত পৰলোক প্ৰাপ্তি ঘটে। নম্ৰ, সহজ-সৰল স্বভাৱৰ শইকীয়া বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জৰিত আছিল।

Advertisment

মৃত্যুৰ সময়ত শইকীয়াই পৰিবাৰ, পুত্ৰ-কণ্যা-নাতি সহ বহু আত্মীয়-কুতুম্বক ইহসংসাৰত এৰি থৈ যায়। মৃত্যুৰ সময়ত শইকীয়াৰ বয়স আছিল ৭২ বছৰ। তেখেতৰ মৃত্যুত অঞ্চলটোৰ অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠন আৰু ব্যক্তি বিশেষে গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাই তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰে।