নগৰবেৰা গাওঁ পঞ্চায়ত সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা ও সঞ্চালক মণ্ডলীৰ নিৰ্বাচন…

নগৰবেৰা গাওঁ পঞ্চায়ত সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা ও সঞ্চালক মণ্ডলীৰ নিৰ্বাচন…

ডিজিটেল সংবাদ, নগৰবেৰাঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা গাওঁ পঞ্চায়ত সমবায় সমিতিৰ
২০২১-২০২২ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা আৰু সঞ্চালক মণ্ডলীৰ নিৰ্বাচন অহা ১০ এপ্ৰিলত স্থানীয় নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হ'ব বুলি সমবায় সমিতিৰ সভাপতি আব্দুল বাৰিক আৰু সম্পাদক ৰুদ্ৰ বাহাদুৰ ভাণ্ডাৰীয়ে এক গোহাৰি যোগে জনাইছে।

গোহাৰিটোত উল্লেখ কৰা মতে সিদিনা ৰাতিপুৱা ১০ বজাত সমবায় সমিতিৰ সভাপতি আব্দুল বাৰিকৰ পৰিচালনাত অনুষ্ঠিত হবলগীয়া সাধাৰণ সভাত সমবায় সমিতিখনৰ আগন্তক ৫ বছৰৰ বাবে কাৰ্যকৰী সমিতিৰ সঞ্চালক মণ্ডলীৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। উক্ত নিৰ্বাচনত মুঠ ১৫ গৰাকী সঞ্চালক নিৰ্বাচিত কৰা হব। ইয়াৰে ১খন আসন অনুসূচীত জাতি জনজাতি বাবে সংৰক্ষিত আৰু ২খন আসন মহিলাৰ বাবে সংৰক্ষিত।

নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব খোজা অংশীদাৰ সকলে অহা ৩১-০৩-২০২২ ইং তাৰিখে দিনৰ দহ বজাৰ পৰা এক বজালৈ সমবায় সমিতিৰ মুখ্য কাৰ্যালয়ত নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। সেইদিনাই মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হব আৰু বৈধ – অবৈধ ফলাফল ঘোষণা কৰা হ'ব।

তদুপৰি গোহাৰিটোত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব বিচৰা প্ৰাৰ্থীয়ে অহা ০২-০৪-২০২২ ইং তাৰিখৰ ভিতৰত লিখিত আবেদন যোগে উঠাই লব পাৰিব লগতে উক্ত দিনাই প্ৰাৰ্থী সকলক প্ৰতীক চিহ্ন দিয়া হ'ব ।সঞ্চালক মণ্ডলীৰ নিৰ্বাচনৰ পিছত সভাত যোৱা ২০২০ আৰু ২০২১বৰ্ষৰ সাধাৰণ সভাৰ কাৰ্যবিৱৰণী পাঠ ও দৃঢ়কৰণ, সম্পাদকীয় প্ৰতিবেদন পাঠ ও গ্ৰহণ, যোৱা ২০২০-২০২১ আৰু ২০২১-২০২২ ইং বিত্তীয় বৰ্ষৰ চৰকাৰী আৰু আভ্যন্তৰীণ হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ ও গ্ৰহণ, আগন্তক ২০২১-২০২২ইং বৰ্যৰ আভ্যন্তৰীণ হিচাপ পৰীক্ষক নিয়োগ আৰু পাৰিতোষিক নিৰ্ধাৰণ, ২০২১-২০২২ ইং বৰ্যৰ বাবে সৰ্ব্বোচ্চ পৰিমানৰ ৠণ গ্ৰহণৰ সীমা নিৰ্ধাৰণ আৰু ২০২১-২০২২ ইং বিত্তীয় বৰ্যৰ সাম্ভাব্য বাজেট দাখিল ও গ্ৰহণ আদি কাৰ্যসূচী অনুষ্ঠিত হ'ব।

উক্ত সভাত সমবায় সমিতিখনৰ অধীনস্থ অংশীদাৰ সকলক উপস্থিত থাকিবলৈ সমবায় কৰ্তৃপক্ষৰ হৈ সভাপতি সম্পাদকে আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in