উন্নত চিকিৎসাৰ বাবে জিপিএফৰ ধন বিচাৰি শিক্ষকৰ হাবাথুৰি…

উন্নত চিকিৎসাৰ বাবে জিপিএফৰ ধন বিচাৰি শিক্ষকৰ হাবাথুৰি…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, নগৰবেৰাঃ কামৰূপ জিলাৰ ছমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত এগৰাকী শিক্ষকে উন্নত চিকিৎসাৰ বাবে নিজৰ জিপিএফৰ ধন বিচাৰি বিগত এবছৰে তাঁত বাটি কাঢ়ি ঘুৰি ফুৰিছে যদিও কোনো কাম নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে।

Advertisment

অভিযোগ মতে শিক্ষা খণ্ডটোৰ পলাহৰটাৰী হাবিবীয়া মাদ্ৰাছা স্কুলৰ সহকাৰী শিক্ষক মোকতেল হুছাইনৰ চাকৰি কাল প্ৰায় শেষ হোৱা সময়ত বিগত ১৪-১৫ বছৰ ধৰি মধুমেহ আৰু উচ্চ ৰক্তচাপ ৰোগত ভুগি থকাত শিক্ষক গৰাকীয়ে উন্নত চিকিৎসাৰ নিজৰ 'ভবিষ্যৎ নিধি'ৰ ধন চমুকৈ জিপিএফৰ কিছু ধন বিচাৰি যোৱা বছৰ দুই ফেব্ৰুৱাৰীত বিভাগীয়ভাৱে আবেদন কৰে।

বিগত প্ৰায় এটা বছৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় আৰু কাহিলীপাৰাস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয় আৰু অৱশেষত শিক্ষক গৰাকীৰ GPF A/C No 140470 নম্বৰৰ ফাইলটো যোৱা বৰ্ষৰ ছয় ফেব্ৰুৱাৰীত এজি অফিচত গৈছে যদিও এজি অফিচৰ পৰা আজিলৈকে কোনো সদুত্তৰ পোৱা নাই।

বিগত ১বছৰৰ অধিক সময় ধৰি কাৰ্যালয়ে কাৰ্যালয়ে ঘুৰি ফুৰি উন্নত চিকিৎসাৰ বাবে নিজৰ প্ৰাপ্য ধন বিচাৰি হাবাথুৰি খাইছে শিক্ষকগৰাকী। সম্প্ৰতি ৰোগীয়া শিক্ষক গৰাকীয়ে আৰ্থিক অসুবিধাৰ বাবে উন্নত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ এক জটিল পৰিস্থিতিৰ পিনে গতি কৰি দিকবিদিক হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে। শেহতীয়াকৈ চৰম হতাশাত ভূগি থকা শিক্ষকগৰাকীয়ে বিষয়টো সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি উন্নত চিকিৎসাৰ বাবে জিপিএফৰ কিছু ধন শীঘ্ৰে মোকলাই দিবলৈ কাতৰ আহ্বান জনাইছে।