ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "এখন উন্নত ভাৰতবৰ্ষ গঢ়াত আমাৰ ভূমিকা পালন কৰিম, ঔপনিবেশিক মানসিকতাৰ চিন-মোকাম নাইকিয়া কৰিম, আমাৰ চহকী সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰিম, দেশৰ ঐক্য-সংহতি ৰক্ষা কৰিম, ৰাষ্ট্ৰৰ প্ৰতি আমাৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰিম, আমাৰ দেশৰ বীৰসকলকৰ ত্যাগক সন্মান জনাবলৈ আৰু প্ৰতিৰক্ষা-প্ৰগতিৰ প্ৰতি নিজকে উৎসৰ্গা কৰিম। "- এই বাক্য পাঠ কৰি বুধবাৰে সংকল্প গ্ৰহণ কৰে নগাঁৱৰ শশ কলেজীয়া যুৱক-যুৱতীয়ে।
ভাৰত চৰকাৰৰ স্বতন্ত্ৰ সংস্থা নেহৰু যুৱ কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আৰু খাগৰিজান কলেজৰ ৰাষ্ট্ৰীয় স্বেচ্ছা সেৱক বাহিনী চমুকৈ এন এছ এছ গোটৰ সহযোগত আজি খাগৰিজান কলেজ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় জিলা যুৱ মহোৎসৱ। সেই উপলক্ষে জিলাখনৰ কেইবাশতাধিক যুৱক-যুৱতীয়ে "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক এখন উন্নত ৰাষ্ট্ৰৰ বাবে "পঞ্চ প্ৰাণ"(পাঁচটা প্ৰতিশ্ৰুতি)ৰ আহ্বান" ৰ আধাৰত এইদৰে শপত বাক্য পাঠ কৰি দেশ মাতৃৰ হকে কাম কৰিবলৈ সংকল্প গ্ৰহণ কৰে।
দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত জিলা মহোৎসৱৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত কলেজ চৌহদত এক আকৰ্ষণীয় প্ৰদৰ্শনী অনুষ্ঠিত হয়। নিজৰ নিজৰ কৃতিত্ব আৰু কলা-কৌশল সমূহ প্ৰদৰ্শন কৰে।
উক্ত প্ৰদৰ্শনীত এইডছ কন্ট্ৰল চ'ছাইটি, নগাঁও চাইল্ড লাইন, ৰাষ্ট্ৰীয় জীৱিকা অভিযান মিচন, স্বেচ্ছাসেৱী অনুষ্ঠান চিনি, কৌশল বিকাশ যোজনা নগাঁও আদিকে ধৰি বিভিন্ন বিভাগে অংশগ্ৰহণ কৰে। দুপৰীয়াৰ ভাগত জিলাখনৰ বিভিন্ন উন্নয়ন খণ্ড এলেকাৰ পৰা অহা যুৱক-যুৱতী সকলৰ মাজত লোকনৃত্য প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, মবাইল ফটোগ্ৰাফী প্ৰতিযোগিতা, ছবি অঁকা প্ৰতিযোগিতা আৰু কবিতা লিখা প্ৰতিযোগিতা অনুষ্ঠিত হয়।
ইয়াৰে লোকনৃত্য প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী দল ৰিনিকি দল আৰু বক্তৃতা প্ৰতিযোগিতাৰ প্ৰথমস্থান লাভ কৰা শ্বৱনম ছিদ্দিকাৰ লগতে মবাইল ফটোগ্ৰাফী প্ৰতিযোগিতা, ছবি অঁকা প্ৰতিযোগিতা কবিতা লিখা প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা বিজয়ী প্ৰতিযোগিতায়ে ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ'বলগা যুৱ মহোৎসৱত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব।
বিয়লি অনুষ্ঠিত মুকলি সভাত প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি যুৱক-যুৱতী সকলক সু-শিক্ষা গ্ৰহণ কৰি দেশৰ সু-নাগৰিক হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ লগতে নিজকে স্বাভলম্বী কৰি তোলাৰ শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানটোত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সমাজকৰ্মী ছিৰাজ উদ্দিন আহমেদে নৱ প্ৰজন্মই কেনেকৈ ড্ৰাগছৰ গ্ৰাসত পৰি এক সোনালী জীৱন ধ্বংস কৰে আৰু ইয়াৰ পৰা বাচি থাকিবলৈ তেওঁলোকৰ লগতে অভিভাৱক তথা ওচৰ-চুবুৰীয়াই কি ভুমিকা গ্ৰহণ কৰিব লাগিব তাৰ ওপৰত বক্তব্য দাঙি ধৰে।
নেহৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি আবু ছাদিক কবিৰে আঁত ধৰা সভাখনত জিলাখনৰ সহকাৰী আয়ুক্ত বিমান হাজৰিকা, কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত যুৱ বিষয়া তথা উপ-নিৰ্দেশক প্ৰেমথেশ চক্ৰৱৰ্তী, খাগৰিজান কলেজৰ অধ্যক্ষ ড০ ৰমেশ নাথ, ছাত্ৰ নেতা মোশ্বাৰফ হুছেইন কবিৰ, বিশিষ্ট চিত্ৰশিল্পী সুজিত দাস, সাংবাদিক দিব্যজ্যোতি বৰুৱা, নাজিম আহমেদকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।