ডিজিটেল সংবাদ,নগাঁও : প্ৰতি বছৰৰ ১৪ নৱেম্বৰৰ দিনটো বিশ্ব মধুমেহ দিৱস হিছাপে সমগ্ৰ বিশ্বই পালন কৰি আহিছে ৷ সমগ্ৰ বিশ্বৰ লগতে মঙলবাৰে নগাঁৱতো ত্ৰিনয়ন হাস্পতালৰ উদ্যোগত আৰু নগাঁৱৰ সিদ্ধাৰ্থ মেডিকেলৰ সহযোগত বিশ্ব মেধুমেহ দিৱস উদযাপন কৰা হয় ৷ দিৱসৰ লগত সংগতি ৰাখি মঙলবাৰে পুৱাৰ ভাগত নগাঁও চহৰৰ মাজেৰে এটি সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয় ৷
শোভাযাত্ৰাটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নগাঁৱৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক অৰূপজ্যোতি মহন্তই ৷ শুভযাত্ৰাটি উদ্বোধন কৰি ভাষণ প্ৰসংগত তেওঁ কয় যে, বৰ্তমান সমগ্ৰ দেশজুৰি মধুমেহ ৰোগ দিনক দিনে বৃদ্ধি পাব ধৰিছে ৷ মধুমেহ ৰোগ নিয়ন্ত্ৰণত ৰোগী গৰাকীয়ে নিজেই খাদ্য অভ্যাসৰ লগত সহযোগিতা কৰি চলিলে মধুমেহ ৰোগ নিয়ন্ত্ৰিত হৈ থাকিব ৷ লগতে চিকিৎসকৰ পৰামৰ্শ মতে দৰৱ আদি সেৱন কৰিলেই মধুমেহ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ ইয়াৰ কোনো স্থায়ী সমাধান নাই যদিও ৰোগী সকলে ভয় বা চিন্তা কৰিব লগা কোনো বিশেষ কাৰণ নাই বুলিও মন্তব্য আগবঢ়াই নগাঁৱৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক অৰূপজ্যোতি মহন্তই।
সজাগতা শোভাযাত্ৰাটিত বিশিষ্ট মধুমেহ ৰোগ বিশেষজ্ঞ ৰাজীৱ গায়ন উপস্থিত থাকি মধুমেহ ৰোগী সকলে সময়ে সময়ে তেজৰ বিভিন্ন পৰীক্ষা নিৰিক্ষা সমূহ কৰি থাকি চিকিৎসকৰ পৰামৰ্শমতে দৱৰপাতি খাই নিজেই নিজৰ হাততেই মধুমেহ ৰোগ নিয়ন্ত্ৰণত সহায়ক হ'ব পাৰে বুলি উল্লেখ কৰে।
অনুষ্ঠানত ডাঃ পল্লবী দুৱৰা, ত্ৰিনয়ন হাস্পতালৰ বিষয়া কৰ্মচাৰী, সিদ্ধাৰ্থ মেডিকেল হলৰ কৰ্মচাৰী, নগাঁৱৰ কেইবাগৰাকীও সাংবাদিক, নগাঁও যান বাহন আৰক্ষীৰ উপ পৰিদৰ্শক ৰবিন ফুকনৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুসংখ্যক মধুমেহ ৰোগী উপস্থিত থাকি শোভাযাত্ৰাত অংশগ্ৰহণ কৰে৷
মঙলবাৰৰ এই বিশ্ব মধুমেহ দিৱসৰ লগত সংগতি ৰাখি নগাঁও খ্ৰীষ্টিয়ানপট্টিস্থিত সিদ্ধাৰ্থ মেডিকেলত দিনৰ ১১বজাৰ পৰা এটি বিনামূলীয়া মধুমেহ ৰোগত আক্ৰান্তসকলৰ তেজৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষা সমূহৰ এটি বিনামুলীয়া শিবিৰো সম্পন্ন হয়। উক্ত শিবিৰত প্ৰায় ডেৰ শতাধিক মধুমেহ ৰোগীয়ে অংশগ্ৰহণ কৰি বিভিন্ন পৰীক্ষা সমূহ কৰি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটি সাফল্য মণ্ডিত কৰি তোলে ৷
উল্লেখ্য যে, বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো ত্ৰিনয়ন হাস্পতালৰ উদ্যোগত আৰু সিদ্ধাৰ্থ মেডিকেলৰ সহযোগত আয়োজিত বিশ্ব মধুমেহ দিৱসৰ লগত সংগতি ৰাখি আয়োজিত বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটিয়ে এইবাৰ ১৪ বছৰত পদাৰ্পণ কৰিছে।