স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ

স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ

author-image
Asomiya Pratidin
New Update
স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ

ডিজিটেল সংবাদ,কামপুৰ : কামপুৰত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। নগাঁও জিলাৰ বৃহত্তৰ অঞ্চলটোৰ মীনাপামৰ মনোপথাৰত সংঘটিত এই নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ অঞ্চল।

পাৰিবাৰিক কন্দলে ল'লে ভয়ংকৰ ৰূপ। ডিঙি চেপি স্বামীয়ে হত্যা কৰিলে পত্নীক। জানিব পৰামতে পাৰিবাৰিক কন্দলৰ ফলতে হত্যাকাণ্ডৰ ঘটনাত নাম সাঙোৰ খোৱা স্বামী আশ্ৰাদুল ইছলামে এই বৰ্বৰ কাণ্ড সংঘটিত কৰে।

আশ্ৰাদুলৰ আক্ৰমণৰ ফলত আঘাতপ্ৰাপ্ত হয় তেওঁৰ ভাই বোৱাৰী। চোকা অস্ত্ৰৰে অভিযুক্ত আশ্ৰাদুলে ভাই বোৱাৰীক আক্ৰমণ কৰে। আঘাতপ্ৰাপ্ত মহিলাগৰাকীক সংকটজনক অৱস্থাত কামপুৰ FRU লৈ প্ৰেৰণ কৰে। আনহাতে ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

Also Read: ছিপাঝাৰত বোৱাৰী নিৰ্যাতনৰ জঘন্য ঘটনা

nagaon police kampur crime Assam police