নগাঁওত যানবাহন আইন অমান্য কৰি কুঁহিয়া পেৰা বাহনে সৃষ্টি কৰিছে ত্ৰাসৰ...

নগাঁৱত মেচিন চালিত কুঁহিয়া পেৰা বাহনে ত্ৰাসৰ সৃষ্টি কৰিছে । অতি ব্যস্ত চহৰ নগাঁৱত পুৱাই উলাই আহে অসংখ্য মেচিন চালিত কুঁহিয়া পেৰা বাহন।
নগাঁওত যানবাহন আইন অমান্য কৰি কুঁহিয়া পেৰা বাহনে সৃষ্টি কৰিছে ত্ৰাসৰ...

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱত মেচিন চালিত কুঁহিয়া পেৰা বাহনে ত্ৰাসৰ সৃষ্টি কৰিছে । অতি ব্যস্ত চহৰ নগাঁৱত পুৱাই উলাই আহে অসংখ্য মেচিন চালিত কুঁহিয়া পেৰা বাহন।

এই বাহন সমূহ এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে । ঘন্টাত ৩০ কি: মি: বেগেৰে চলা ডিজেল চালিত মেচিনৰ সহায়ত নিৰ্মাণ কৰা এই বাহন সমূহৰ নাই কোনো বিভাগীয় অনুমতি, নাই ৰেজিষ্ট্ৰেছন নম্বৰ, নাই ইঞ্চুৰেঞ্চৰ ব্যৱস্থা নাই কোনো প্ৰদূষণ মুক্ত প্ৰমান পত্ৰ ।

চালকৰো নাই কোনো ধৰণৰ অনুজ্ঞাপত্ৰ । এনে অবৈধ বাহনে নগাঁও চহৰ খনত ব্যাপক যানযটৰো সৃষ্টি কৰাৰ লগতে শব্দ আৰু বায়ু প্ৰদূষণৰো সৃষ্টি কৰিছে ।

এই সমূহ বাহনে যদি কোনো অন্য বাহনত খুন্দা মাৰে বা কোনো পথাচাৰীক মহতিয়াই নিয়ে এনেক্ষেত্ৰত ভুক্তভোগীয়ে কোনো ধৰণৰ ক্ষতিপূৰণ লাভ নকৰিব ।

উল্লেখ্যযোগ্য যে পৰিবহন আইন অনুসৰি ৰাজপথত চলা প্ৰতিখন যন্ত্ৰ চালিত, টায়াৰ যুক্ত বাহনৰ ৰেজিষ্ট্ৰেচন, ইঞ্চুৰেঞ্চ থকাটো বাধ্যতামূলক ।

তেনে ক্ষেত্ৰত নগাঁৱত যানবাহন আইন অমান্য কৰি শতাধিক মেচিন চালিত কুঁহিয়া পেৰা বাহন কেনেদৰে ৰাজপথত চলাই আছে সেয়া ৰহস্যৰ আৱৰ্তত ।

এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, এই অবৈধ বাহন সমূহ ৰাজপথত চলিবলৈ মৌখিক অনুমতি দিয়াৰ বাবদ প্ৰতিখন বাহনে প্ৰত্যেক মাহে জিলা পৰিবহন বিভাগক দিব লগা হয় দুইৰ পৰা তিনি হাজাৰ টকা ।

জনৈক ভাই উপাধিৰ এজন লোকে একাংশ বিষয়াক মেনেজ কৰাৰ নামত প্ৰতিখন বাহনৰ পৰা এই ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ।

এই ধন পৰিশোধ নকৰিলে ৰাজপথত এই বাহন সমূহ চলিবলৈ দিয়া নহব বুলিও হুংকাৰ প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে ভাই উপাধিৰ লোকজনৰ বিৰুদ্ধে ।

নগাঁওত যানবাহন আইন অমান্য কৰি কুঁহিয়া পেৰা বাহনে সৃষ্টি কৰিছে ত্ৰাসৰ...
ভাৰত আৰু ম্যানমাৰৰ যুটীয়াভাৱে চিটৱে বন্দৰৰ শুভ উদ্বোধন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in