/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/e96f72f9-8629-4979-8199-2005b8549779/jhjhjh.jpg)
ডিজিটেল সংবাদ, উৰিয়াগাঁওঃ নগাঁৱৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান "গান্ধাৰৰ"উদ্যোগত অহা ২ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ উৰিয়াগাঁও খেলপথাৰত লোকশিল্পী প্ৰয়াত বিষ্ণুৰাম মেধিৰ সোৱৰণত সদৌ অসম বিহুৰ আখৰা-২০২৪ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ১১ দিনীয়া বিহু নাচ,জেং বিহু,বিহু নাম,ঢোল আৰু পেঁপাবাদন কৰ্মশালা অনুষ্ঠিত হ'ব।
এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিব বোকাখাটৰ ৰিমঝিম গগৈ,নগাঁৱৰ ক্ৰমে ইন্দিৰা দেউৰী,পদুম প্ৰসাদ শইকীয়া,চন্দ্ৰ শইকীয়া আৰু শংকৰ দাসে।কৰ্মশালাৰ সামৰণি অনুষ্ঠানটিৰ অংশ হিচাপে অহা ২০ এপ্ৰিলত বিয়লি ২ বজাৰ পৰা মুকলি বিহু অনুষ্ঠিত হব।সেইদিনা উক্ত অনুষ্ঠানত এক হাজাৰ বিহুৱতীৰ বিহু নাচ প্রদর্শন,আমন্ত্ৰিত বিহু দলৰ বিহু নাচ,নগঞা ১০০ গৰাকী লোক শিল্পীক সম্বৰ্ধনা জনোৱা হ'ব। উক্ত অনুষ্ঠানতেই ঢোলৰ ওজা সোমনাথ বড়ালৈ 'ধনকলিয়া'অভিধা প্ৰদান,বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰলৈ 'অভিনয় চন্দ্ৰমা'অভিধা প্ৰদান,আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ(এথেলিকচ)হিমা দাসৰ মাতৃ জোনালী দাস আৰু তেজপুৰৰ ৰুবী বৰদলৈক "গান্ধাৰ" আদৰ্শ মাতৃ বঁটা প্ৰদান কৰাৰ উপৰিও কলিয়াবৰৰ সত্ৰীয়া সংস্কৃতিৰ সাধক,উপাসক হিৰু প্ৰসাদ মহন্তলৈ "শিল্প প্ৰাজ্ঞ" বঁটা ২০২৪ প্ৰদান কৰা হ'ব।
উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা সকলক মোবাইল ৯৩৬৫১০৫২৮৬,৯১০১২ ৮২৬২৩ নম্বৰত যোগাযোগ কৰিবৰ বাবে গান্ধাৰৰ সম্পাদক প্ৰদীপ বৰাই আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us