জামুগুৰিহাটৰ ৰঙাচকুৱাত শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...

অঞ্চলটোৰ কেইবা শতাধিক বিভিন্ন জাতি জনগোষ্ঠী ও ধৰ্মাৱলম্বী জুবিন অনুৰাগী লোক সকলে অশ্ৰুসিক্ত নয়নেৰে নিজৰ অতিকে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পূষ্পাঞ্জলী অৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখা যায়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ  জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ৰঙাচকুৱাত আজি অসমবাসীৰ হিয়াৰ আমঠু যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়৷ এই উপলক্ষে পুৱাই বিশিষ্ট সমাজকৰ্মী মাধুৰাম দাসে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সহযোগ কৰে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অনুৰাগী জিৎ বাহাদুৰ নেৱাৰে৷

ৰঙাচকুৱা ব'হাগী মেলা, ৰঙাচকুৱা বনিক সন্থা আৰু ৰাস উদযাপন সমিতিৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত আয়োজিত অনুষ্ঠানটিৰ আঁতধৰে সমাজকৰ্মী ৰবিন ভৰালীয়ে ৷ অঞ্চলটোৰ কেইবা শতাধিক বিভিন্ন জাতি জনগোষ্ঠী ও ধৰ্মাৱলম্বী জুবিন অনুৰাগী লোক সকলে অশ্ৰুসিক্ত নয়নেৰে নিজৰ অতিকে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পূষ্পাঞ্জলী অৰ্পনেৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখা যায়।

ৰঙাচকুৱা ব'হাগী মেলা উদযাপন স্থলী‌ প্ৰাংগনত ১৫ জোপাৰো অধিক শিল্পী জুবিন গাৰ্গৰ অতিকে প্ৰিয় নাহৰ গছৰ পুলি ৰোপন কাৰ্য্যসূচী শুভাৰম্ভ কৰে ব'হাগী মেলা উদযাপন সমিতি খনৰ সম্পাদক লীলা বৰুৱাই। 

অনুষ্ঠানত বিভিন্ন জাতি ধৰ্মাৱলম্বী লোক সকলে খোল প্ৰসংগ,নাম প্ৰসংগ, গোৰ্খা সংকীৰ্তন, আদিবাসী সংকীৰ্তন, খ্ৰীষ্ট্ৰীয় প্ৰাৰ্থনা, কোৰান পাঠ আদিৰ জৰিয়তে শিল্পী জুবিন গাৰ্গৰ আত্মাৰ চিৰ শান্তি কামনাৰে প্ৰাৰ্থনা জনায় ৷ অনুষ্ঠানৰ শেষত বিশিষ্ট সমাজকৰ্মী লীলা বৰুৱাই জাতি জনগোষ্ঠী ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অনুষ্ঠানত অংশগ্ৰহণকাৰী সকলো শ্ৰেণীৰ জুবিন অনুৰাগী ৰাইজক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে৷

জামুগুৰিহাট