ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰত মঙ্গলবাৰেও অব্যাহত আছে নৰখাদকৰ আতংক ৷ বাঘৰ আতংকৰ মাজতে সন্ধানহীন এজন লোকক বিচাৰি কামাখ্যা সংৰক্ষিত বনাঞ্চলত আজি বন বিভাগে চলালে অভিযান।
কিন্তু অভিযানৰ সময়ত উচ্চপদস্থ বন বিষয়া আৰু আৰক্ষীৰ লোক উপস্থিত নথকাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে। উল্লেখ যোগ্য যে, কলিয়াবৰ চাহ বাগিচাত বাঘৰ ভয়ত ঘৰতে সোমাই আছে চাহ শ্ৰমিক।
একাংশ শ্ৰমিকে ভয়ে ভয়ে কলম কাটিছে বাগিচাত। আজিও সন্ধান নাই কলিয়াবৰ চাহ বাগিচাৰ সোনাৰি শাখাৰ লক্ষীৰাম ভূমিজৰ। যোৱা ২১ ডিচেম্বৰত কলিয়াবৰ চাহ বাগিছাৰ সোনাৰি শাখাৰ লক্ষীৰাম ভূমিজ ঘৰৰ পৰা ওলাই আহিছিল গৰু চাবৰ বাবে।
কিন্তু আজিও সন্ধান নোলাল ব্যক্তিজনৰ। কিছু পলমকৈ হ'লেও আজি লোকজনক বিচাৰি কামাখ্যা সংৰক্ষিত বনাঞ্চলত অভিযান চলালে শিলঘাটৰ বন বিভাগে। লোকজনৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোক আৰু দ্বিতীয় অসম বন সুৰক্ষা বাহিনীক লগত লৈ কামাখ্যা সংৰক্ষিত বনাঞ্চলত লক্ষীৰাম ভূমিজৰ সন্ধানত অভিযান চলাই যদিও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম নহ'ল বন বিভাগ।
আনহাতেদি অভিযানৰ সময়চোৱাত আৰক্ষীৰ লোক উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকসকলে। উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি কলিয়াবৰ চাহ বাগিচাত বাঘে সন্ত্ৰাস চলাই আহিছে।
যোৱা ১৩ ছেপ্টেম্বৰৰ পৰা কলিয়াবৰ চাহ বাগিচাৰ সোনাৰি শাখাৰে মহাদেও তাছা নামৰ আন এজন লোকো সন্ধানহীন হৈ আছিল। স্থানীয় লোকসকলে উদ্ধাৰ কৰিছিল মহাদেও তাছাই ব্যৱহাৰ কৰা গামোছা, পেণ্ট আৰু কটাৰী আদি সামগ্ৰী।
বাঘে ব্যক্তিজনক চোচোৰাই নি ভক্ষণ কৰাৰ সন্দেহ কৰিছিল স্থানীয় ৰাইজে। অনুৰূপ ধৰণে লক্ষ্মীৰাম ভূমিজো বাঘৰ আক্ৰমণৰ বলি হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। আজি লক্ষীৰাম ভূমিজক বিচাৰি পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোক, বন বিভাগে কামাখ্যা সংৰক্ষিত বনাঞ্চলত অভিযান চলাই যদিও কোনোধৰণৰ শুং সূত্ৰ উলিয়াবলৈ সক্ষম নহ'ল।
আনহাতে নৰখাদকৰ সন্ত্ৰাসৰ ফলত প্ৰাকৃতিক অকৃপন উপহাৰৰে সমৃদ্ধ শিলঘাটত দেশী-বিদেশী পৰ্যটকৰ আগমন সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ পৰে ৷ বিদেশী পৰ্যটকৰ দল এটি মঙ্গলবাৰে জাহাজৰে শিলঘাটত উপস্থিত হৈ কামাখ্য মন্দিৰ, শিলঘাট মৰাপাট কল, ত্ৰিশূলধাৰী মন্দিৰ, কলিয়াবৰ চাহ বাগিছা আদি পৰিদৰ্শন কৰাৰ নিৰ্ধাৰিত সময়সূচী আছিল যদিও নৰখাদকৰ আতংকত তেঁওলোকে নিৰ্ধাৰিত সময়সূচী বাতিল কৰি তেজপুৰৰ জাহাজঘাটৰ পৰা পোনে পোনে কাজিৰঙালৈ যোৱাৰ পৰিকল্পনা কৰে ৷
ইফালে কলিয়াবৰত বাঘৰ আতংক অব্যাহত থকাৰ ভয়াবহ পৰিস্থিতিলৈ লক্ষ্য ৰাখি বাঘৰ বিচৰণ এলেকাত বি এন এচ এচৰ ৰ ১৬৩ ধাৰা জাৰি কৰিছে প্ৰশাসনে। সোণাৰি-কামাখ্যা অঞ্চলত ১৬৩(১) ধাৰা বলৱত কৰিছে কলিয়াবৰৰ সম-জিলা আয়ুক্ত লিজা তালুকদাৰে।
এই নিৰ্দেশৰ জৰিয়তে নৰখাদকৰ বিচৰণ এলেকাৰ লগতে সোনাৰি গাঁৱৰ পৰা কামাখ্যা মন্দিৰ সংযোগী আৰু শিলঘাট মৰাপাট কলৰ পৰা ত্ৰিশূলধাৰী মন্দিৰ সংযোগী গৰকাপ্তানি পথত বিয়লি চাৰি বজাৰ পৰা পুৱা ৯ বজালৈ সাধাৰণ লোকৰ যাতায়ত বন্ধ কৰি দিয়া হৈছে।