উৰিয়ামঘাটত ৰাষ্ট্ৰীয় একতা দিৱসৰ কেইবাটাও কাৰ্যসূচী সম্পন্ন

সৰুপথাৰ সম-জিলাৰ অন্তৰ্গত উৰিয়ামঘাট আৰক্ষী থানাৰ সৌজন্যত তথা স্থানীয় গাওঁৰক্ষী বাহিনীৰ সহযোগত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতাৰ দৌৰ শিৰ্ষক কাৰ্য্যসূচী পালন কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,উৰিয়ামঘাটঃ   মহান স্বাধীনতা সংগ্ৰামী লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকীত সমগ্ৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰি আহিছে সেয়েহে সৰুপথাৰ সম-জিলাৰ অন্তৰ্গত উৰিয়ামঘাট আৰক্ষী থানাৰ সৌজন্যত তথা স্থানীয় গাওঁৰক্ষী বাহিনীৰ সহযোগত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতাৰ দৌৰ শিৰ্ষক কাৰ্য্যসূচী পালন কৰে।

তদুপৰি সমাজত মাৰাত্মক ড্ৰাগছৰ, বাল্য বিবাহ, চালকৰ পথ সজাগতা আদি কাৰ্য্যসূচী গ্ৰহণ কৰে। শেহতীয়াকৈ উৰিয়ামঘাটত এক বিশেষ কাৰ্যসূচী সমাপন কৰে। উক্ত অনুষ্ঠানত অঞ্চলৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি তথা ৰাইজে অংশগ্ৰহণ কৰে।

চৰ্দাৰ বল্লভভাই পেটেল