অনুসূচিত জাতিৰ বীৰক অপমানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী অনুসুচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ

বিশ্বৰ কৃষক বিদ্ৰোহৰ অন্যতম আছিল ব্ৰিটিছ বিৰোধী ‘ফুলগুৰি ধেৱা’৷ ফুলগুৰি ধেৱা এজন অন্যতম নেতা বীৰ বাহ কৈৱর্ত৷ অনুসূচিত জাতিৰ সন্তান বীৰ বাহ কৈৱর্তই ব্ৰিটিছিৰ বিৰুদ্ধে যুঁজিছিল৷ বুৰঞ্জীৰ পাতত তেখেতৰ পৰাক্ৰমৰ বিষয়ে উল্লেখ আছে৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, বটদ্ৰৱা:  অনুসূচিত জাতিৰ বীৰক অপমানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলি অনুসুচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ তৰফৰ পৰা আজি ৰহা সমজিলা আৰক্ষী অধীক্ষকক এজাহাৰ প্ৰদান কৰা হয়।

উল্লেখ্য যে, বিশ্বৰ কৃষক বিদ্ৰোহৰ অন্যতম আছিল ব্ৰিটিছ বিৰোধী ‘ফুলগুৰি ধেৱা’৷ ফুলগুৰি ধেৱা এজন অন্যতম নেতা বীৰ বাহ কৈৱর্ত৷ অনুসূচিত জাতিৰ সন্তান বীৰ বাহ কৈৱর্তই ব্ৰিটিছিৰ বিৰুদ্ধে যুঁজিছিল৷ বুৰঞ্জীৰ পাতত তেখেতৰ পৰাক্ৰমৰ বিষয়ে উল্লেখ আছে৷

এই বিদ্ৰোহৰ নেতৃত্ব লোৱা অন্যতম কৃষক নেতা বীৰ বাহ কৈৱৰ্তৰ স্মৃতি ৰক্ষাৰ হকে ৰাজ্য চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰিছে৷ স্বাধীনতা যুঁজাৰু বীৰ বাহ কৈৱর্তৰ এটি প্ৰতিমূৰ্তি ৰহা সম-জিলাৰ অধীনৰ পণ্ডিত গোপীনাথ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপনৰ ব্যৱস্থা কৰিছে৷ চলিত বৰ্ষৰ ৫ আগষ্টত প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হয়৷

কিন্তু দুখ আৰু পৰিতাপৰ বিষয় এয়াই যে স্বাধীনতা যুঁজাৰু বীৰ বাহ কৈৱর্ত তথা অনুসূচিত জাতিৰ হোৱাৰ বাবে একাংশ লোকে প্ৰতিমূৰ্তিটো স্থাপনৰ বিৰোধিতা কৰা বুলি আজি অনুসুচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ তৰফৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে।

 সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে জনোৱা মতে, "প্ৰতিমূৰ্তিটো স্থাপনৰ বিৰোধিতা হৈছে যদি, এয়া স্বাধীনতা সেনানী এগৰাকীৰ প্ৰতি ঘোৰ অপমানেই নহয়, এয়া এক বৈষম্য৷ অনুসূচিত জাতিৰ সন্তান হোৱাৰ বাবে প্ৰতিমূৰ্তি স্থাপনত বিৰোধিতা কৰা বিষয়টোক সহজে ল’ব নোৱাৰি৷

বীৰজনা যদি অনুসূচিত জাতিৰ লোক হোৱা বাবেই যদি বিৰোধ কৰা হৈছে তেন্তে বিষয়টোক গুৰুত্বসহকাৰে লৈ তদন্ত কৰিবলৈ আমি আহ্বান জনাইছো৷ সেয়েহে যিসকল লোকে বিৰোধ কৰিছে তেওঁলোকৰ বিৰুদ্ধে অনুসূচিত জাতিৰ অপৰাধ নিয়ন্ত্ৰণ আইন-১৯৮৯ৰ অধীনত গোচৰ ৰুজু কৰিবলৈ এজাহাৰ দাখিল কৰিলো।" বুলি প্ৰকাশ কৰে।

বটদ্ৰৱা