বটদ্ৰৱা থান পৰিচালনা সমিতিৰ নিয়মাৱলী সংশোধন উপ সমিতিক দ্বায়িত্ব অৰ্পন

নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তৎপৰতাত তথা বিশিষ্ট সাংবাদিক তথা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড৹ সমুদ্ৰ গুপ্ত কাশ্যপৰ সভাপতিত্বত সাধাৰণ সভা অনুষ্ঠিত হৈছিল। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ   বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিগত বছৰ সমূহত হোৱা অনিয়ম আৰু সংবিধান অৱমাননা আদি বিষয়ৰ বাবে ২ নৱেম্বৰত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুযায়ী নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তৎপৰতাত তথা বিশিষ্ট সাংবাদিক তথা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড০ সমুদ্ৰ গুপ্ত কাশ্যপৰ সভাপতিত্বত সাধাৰণ সভা অনুষ্ঠিত হৈছিল। 

উক্ত সাধাৰণ সভাতে নতুন সমিতি গঠন হৈছিল। সেই সভাতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ নিয়মাৱলী সংশোধনৰ বাবে উপস্থিত সদস্য সকলে দাবী উত্থাপন কৰাত এখনি নিয়মাৱলী সংশোধন উপসমিতি গঠন কৰা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। 

উক্ত ২ নৱেম্বৰৰ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে যোৱা ১৬ নৱেম্বৰত গঠন হোৱা নিয়মাৱলী সংশোধন উপ সমিতিক আজি দ্বায়িত্বভাৰ অৰ্পন কৰা হয়। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি অম্লান জ্যোতি দেৱ গোস্বামী আৰু সাধাৰণ সম্পাদক লাচিত বৰদলৈৰ আহ্বান কৰা সভাত আজি উপ সমিতিক দ্বায়িত্ব অৰ্পন কৰা লগতে প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। 

আজিৰ সভাত সভাপতি ৰাণা প্ৰকাশ বৰাক সভাপতি, ব্ৰজেন কাকতিক আহ্বায়ক, ইন্দ্ৰমোহন বৰুৱা, প্ৰবীণ চন্দ্ৰ দাস, প্ৰমোদ কুমাৰ দাস, প্ৰাঞ্জল কলিতা আৰু পাৰ্থ জিৎ দাসক সদস্য হিচাপে লৈ এই নিয়মাৱলী সংশোধন উপসমিতক দ্বায়িত্ব অৰ্পন কৰা হয়। সাধাৰণ সম্পাদক লাচিত বৰদলৈ উদ্দেশ্য বাখ্যা কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত নিয়মাৱলী সংশোধন সম্পকে আগন্তক দিনত আলোচনা মৰ্মে কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি জানিবলৈ দিয়ে।

বটদ্ৰৱা