/asomiyapratidin/media/media_files/2026/01/10/1-2026-01-10-10-36-54.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুৰুজনাৰ পবিত্ৰ জন্মস্থান দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা ধামত বিংশ শতিকাৰ পঞ্চম দশকতো কেইগৰাকীমান মহানুভৱী সুদূৰদৰ্শী মহীৰূহৰ জনসমৰ্থনলব্ধ চিন্তাৰ ফচল হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল বটদ্ৰৱা শ্ৰীশ্ৰীশংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/10/whatsapp-image-2026-01-2026-01-10-10-38-09.jpeg)
এই বিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৭৫ বছৰীয়া ঐতিহ্য সোঁৱৰি অহা ১৬, ১৭ আৰু ১৮ জানুৱাৰীত বৰ্নাঢ্য কাৰ্যসূচীৰে মহাৰজত জয়ন্তী মহোৎসৱ ভাগি উদযাপন কৰাৰ প্ৰস্তুতি চলিছে। ইতিমধ্যে বিধায়ক ৰূপক শৰ্মাক সভাপতি, উপেন চন্দ্র কলিতাক কাৰ্যকৰী সভাপতি, হীৰামণি বৰুৱাক সম্পাদক, গুনমণি কলিতা আৰু ইন্দ্রমোহন বৰুৱাক সহঃ সম্পাদক, হিৰণ্য কুমাৰ কলিতাক কোষাধ্যক্ষ হিচাপে লৈ বটদ্ৰৱা শ্রীশ্রীশঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী মহোৎসৱ ভাগি সুচাৰুৰূপে উদযাপন কৰিবলৈ এখনি শক্তিশালী সমিতি গঠন কৰি তৎপৰতাৰে অগ্ৰসৰ হৈছে।
মহাৰজত জয়ন্তী মহোৎসৱ উদযাপন সমিতিয়ে জনোৱা কাৰ্যসূচী অনুসৰি অহা ১৬ জানুৱাৰীৰ পুৱা ৯ বজাত বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ স্মৃতি বহনকাৰী নৱনিৰ্মিত স্মৃতিসৌধ উন্মোচন কৰিব বিধায়ক তথা মহাৰজত জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ৰূপক শৰ্মাই।
৯.১৫ বজাত বন্তি প্ৰজ্বলন, ৯.৩০ বজাত শ্বহীদ তৰ্পণ আৰু ৯.৪৫ বজাত বিদ্যালয়ৰ প্ৰয়াত প্ৰতিষ্ঠাপক, দাতা, শিক্ষাগুৰু, কৰ্মচাৰী, শিক্ষাৰ্থী সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হব। ১০ বজাত মূল পতাকা উত্তোলন কৰাৰ লগে লগে বিশিষ্ট ব্যক্তি, ভূমিদাতা, প্ৰাক্তন শিক্ষাগুৰু, কৰ্মচাৰীসকলৰ দ্বাৰা ৭৫ খন পতাকা উত্তোলন কৰা হব।
১০.৩০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন, ১০.৪৫ বজাত ভেলাঘৰৰ আৰ্হিত নিৰ্মিত অস্থায়ী নামঘৰত আসন প্ৰতিষ্ঠা, লগে লগে নামপ্ৰসংগ আৰু প্ৰসাদ বিতৰণ কৰা হব। ১১.৪৫ বজাৰ পৰা সদৌ অসম ভিত্তিত বিদ্যালয় পৰ্য্যায়ৰ চিত্ৰাংকন প্ৰতিযোগিতা, পিঠা পনা প্ৰতিযোগিতা আৰু সদৌ অসম ভিত্তিত বিদ্যালয় পৰ্য্যায়ৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হব।
২ বজাৰ পৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰ দ্বাৰা বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। ৫ বজাত সমূহীয়া বন্তি প্ৰজ্বলন আৰু ৬ বজাৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অংকীয়া ভাওনা ৰুক্মিণী হৰণ পৰিবেশন কৰা হব।
১৭ জানুৱাৰীৰ পুৱা ৯ বজাত গছপুলি ৰোপণ, ৯.৩০ বজাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু অমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্রজ্জ্বলন, পুষ্পাঞ্জলি অর্পণ, শ্রদ্ধাঞ্জলি জ্ঞাপন।
বিদ্যালয়ৰ প্ৰয়াত, প্রাক্তন শিক্ষাগুৰু, কর্মচাৰী, শিক্ষার্থীসকলক সোঁৱৰণ তথা শ্রদ্ধাঞ্জলি জ্ঞাপন। পুৱা ৯.৪৫ বজাত জলপান পর্ব, পুৱা ১০.০০ বজাত সাংস্কৃতিক শোভাযাত্রা, উদ্বোধন কৰি জিলা আয়ুক্ত দেবাশীষ শর্মাই। দিনৰ ১.০০ বজাত সম্প্রীতি ভোজন, ১.৩০ বজাত গুৰু প্রণাম অনুষ্ঠান, ২.০০ বজাত
গুৰু সমন্বিতে প্রাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অন্তৰংগ আলাপ।
বিয়লি ৩.০০ বজাত প্রাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ বিচিত্রানুষ্ঠান।সন্ধ্যা ৫.০০ বজাত প্রাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিদ্যালয় চৌহদত ৭৫ গছি বন্তি প্ৰজ্জ্বলন আৰু সন্ধ্যা ৭.০০ বজাত নিমন্ত্রিত শিল্পীৰ সংগীতানুষ্ঠান অনুষ্ঠিত হব। ১৮ জানুৱাৰী, ৰবিবাৰে পুৱা ১০.০০ বজাত সদৌ অসম ভিত্তিত তর্ক প্রতিযোগিতা। বিষয়: "শিক্ষার্থীৰ শিক্ষা আৰু বৌদ্ধিক বিকাশত প্রযুক্তিৰ ব্যৱহাৰে সহায় কৰিছে।"
দিনৰ ১.০০ বজাত সম্প্রীতি ভোজন। দিনৰ ২.০০ বজাত মুকলি সভা অনুষ্ঠিত হব। মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব শিক্ষা আৰু ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ড° ৰণোজ পেগু, বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব বটদ্ৰৱা শ্রীশ্রী শ'লগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্র নাৰায়ণ দেব মহন্ত, শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লানজ্যোতি দেৱ গোস্বামী, বিধায়ক ৰূপক শৰ্ম্মা, জিলা আয়ুক্ত দেবাশীষ শর্মা, নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, স্বপ্ননীল ডেকা, নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ, মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অশোক ডেকা, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকা, বটদ্ৰৱা শ্রীশ্রীশঙ্কৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° নমিতা কলিতা, ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান হাজৰিকাকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি।
সন্ধ্যা ৮.০০ বজাৰ পৰা অনুষ্ঠিত হবলগিয়া সাংস্কৃতিক অনুষ্ঠানত জনপ্রিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই গীতৰ শৰাই আগবঢ়াব। বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল পঞ্চসপ্ততিতম বৰ্ষ উপলক্ষে অনুষ্ঠিত হবলগিয়া মহাৰজত জয়ন্তী মহোৎসৱৰ সকলো কাৰ্যসূচীত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাবিকা, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, প্রাক্তন শিক্ষক শিক্ষয়িত্ৰী আৰু অঞ্চলবাসী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us