/asomiyapratidin/media/media_files/2025/11/07/1-2025-11-07-14-49-14.jpg)
ডিজিটেল সংবাদ,কলকাতাঃ ৪ আৰু ৫ ডিচেম্বৰত কলকাতাৰ জাদৱপুৰৰ অন্তৰ্গত ইণ্ডুমটি অডিটৰিয়ামত সুৰনন্দন ভাৰতীৰ ৩২ সংখ্যক সৰ্বভাৰতীয় সন্মিলন আৰু সমাৱৰ্তন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভাৰ আয়োজন কৰা লগতে প্ৰতিষ্ঠানখনৰ কেবাগৰাকী প্ৰশিক্ষাৰ্থীক উক্ত দিনটোত প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব।
উল্লেখ্য যে, নগাঁৱৰ সংগীত শিল্পী প্ৰদীপ বৰাক সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ৪ ডিচেম্বৰৰ অনুষ্ঠানত সংগীত ৰত্ন বঁটা প্ৰদান কৰা হ'ব। ইতিমধ্যে তেওঁক আমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে।
লক্ষ্যণীয় যে, সুৰানন্দন ভাৰতী হৈছে সৰ্বভাৰতীয় সংগীত, নৃত্য, যোগ, চিত্ৰকলা, আবৃত্তি, নাটক, ভাস্কৰ্য্য, প্ৰসাধন বিজ্ঞান, এম্ব্ৰয়ডাৰী, কৰ্ণাটক সংগীত আৰু পশ্চিমীয়া সংগীত আৰু নৃত্য পৰীক্ষা ব’ৰ্ড। সুৰানন্দন ভাৰতীৰ সুনাম আজি যথেষ্ট বৃদ্ধি পাইছে।
১৯৯৪ চনত প্ৰতিষ্ঠা হোৱা ইয়াৰ সংযুক্ত প্ৰতিষ্ঠানসমূহ বৰ্তমান দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যতে প্ৰতিষ্ঠা কৰা হৈছে। ত্ৰিপুৰা, অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, বিহাৰ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, কেৰালা, কৰ্ণাটক, ৰাজস্থান, গোৱা আৰু পশ্চিম বংগত প্ৰচণ্ড সফলতা লাভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us