সহকৰ্মীক আক্ৰমণ কৰি নিলম্বিত শিক্ষক : দায়িত্বৰ পৰা অব্যাহতি প্ৰধান শিক্ষয়িত্ৰীক

সহকৰ্মীক আক্ৰমণ কৰি নিলম্বিত শিক্ষক : দায়িত্বৰ পৰা অব্যাহতি প্ৰধান শিক্ষয়িত্ৰীক

ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলাৰ বামুনী মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক মধুসুধন দাসগুপ্তক চাকৰিৰপৰা নিলম্বিত কৰা হৈছে ৷ সহকাৰী শিক্ষক দাসগুপ্তই সহকৰ্মী শিক্ষক নৱজ্যোতি বৰাক শাৰিৰীকভাৱে আক্ৰমণ কৰি আহত কৰাৰ অপৰাধতে নিলম্বন কৰা হৈছে শিক্ষকগৰাকীক৷

উল্লেখ্য যে, বিদ্যালয় চলি থকাৰ সময়তে শিক্ষক দাসগুপ্তই শিক্ষক বৰাক আক্ৰমণ কৰি ৰক্তাক্ত কৰিছিল ৷ ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে শিক্ষকৰ মাজত চলা মাৰপিটৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল বিদ্যালয়খনত৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত শিক্ষা বিভাগে তদন্ত চলাই শিক্ষক মধুসুধন দাসগুপ্তক এক নিৰ্দেশ যোগে চাকৰিৰ পৰা নিলম্বিত কৰে৷

আনহাতে বামুনী মধ্য ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী স্মৃতি ৰেখা দেৱীক দায়িত্বৰ পৰা অপসাৰন কৰা হৈছে ৷ বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্বৰ পৰা অপসাৰন কৰি বৰ্তমান বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষকক দায়িত্ব দিয়া হৈছে ৷ বিশেষকৈ শৈক্ষিক পৰিৱেশ অক্ষুন্ন ৰখাত ব্যৰ্থ হোৱাৰ বাবে স্মৃতিৰেখা দেৱীক দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে ৷

সহকৰ্মীক আক্ৰমণ কৰি নিলম্বিত শিক্ষক : দায়িত্বৰ পৰা অব্যাহতি প্ৰধান শিক্ষয়িত্ৰীক
মহাৰণৰ পূৰ্বে ফিল্ডিং শক্তিশালী কৰাৰ লক্ষ্য পাকিস্তানৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in